29 C
Guwahati
Monday, September 20, 2021
More

    ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বোকাৰ তৰপঃ এদিনতে সংঘটিত হৈছে তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

    ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বোকাৰ তৰপঃ এদিনতে সংঘটিত হৈছে তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

    বঙাইগাঁৱৰ ব্লেক স্পট এলেকাত ভয়ংকৰ কাণ্ড। বইটামাৰী সংযোগী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বোকাৰ তৰপ।

    এদিনতে সংঘটিত হৈছে তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। নিৰ্মীয়মান যোগীঘোপা- ময়নাগুৰী ৰে’লপথত মাটি লৈ যোৱা ট্ৰেক্টৰৰ পৰা মাটি পৰি ৰাষ্ট্ৰীয় ঘাইপথটোত বোকাৰ তৰপৰ সৃষ্টি হৈছে। ফলত এই বোকাত বাহনসমূহ পিছলি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।

    যাৰ ফলত জিলা প্ৰশাসনে ঘোষণা কৰা ব্লেক স্পট তথা অতি দুৰ্ঘটনা প্ৰৱন এলেকাটোত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা ৰে’লৱেৰ বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

    উল্লেখ্য যে জিলা পৰিবহন বিভাগে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বইটামাৰীৰ শালবাৰীৰ পৰা মাজঝাকালৈ অতি দুৰ্ঘটনা প্ৰৱণ এলেকা বুলি বহুদিন পূৰ্বে ঘোষণা কৰিছিল।

    ইনপুটঃ উত্তম কুমাৰ বৰ্মণ

    আৰু পঢ়ক : অসমীয়া ভাষা সন্দৰ্ভত ছেবাৰ জাননীক ভাষা বিৰোধী আৰু অসম বিৰোধী আখ্যা আছুৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং