ভদীয়া বানৰ দ্বিতীয়টো মৃত্যুৰ বাতৰি, বানত উটি গ’ল এটি কিশোৰ

0
317
ভদীয়া বানৰ দ্বিতীয়টো মৃত্যুৰ বাতৰি, বানত উটি গ'ল এটি কিশোৰ

ভদীয়া বানৰ দ্বিতীয়টো মৃত্যুৰ বাতৰি, বানত উটি গ’ল এটি কিশোৰ । দক্ষিণ কামৰূপৰ সোণতলীত এই ভদীয়া বানৰ সংহাৰী ৰূপ ৷

বানত উটি গৈ এজন কিশোৰৰ কৰুণ মৃত্যু ৷ মৃত কিশোৰটিৰ নাম ৰফিকুল ইছলাম বয়স ১৬ বছৰ৷

কলৰ ভুৰেৰে সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ সুঁতি পাৰ হওঁতেই এই অঘটন সংঘটিত হয়৷ লগে লগেই উদ্ধাৰ অভিযানত নামি পৰে ৰাই। টুলুঙা নাওৰেই অভিযান চলাই লগে লগেই ।

কিন্তু জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাযায় কিশোৰটিক। ৰাইজে অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে কিশোৰটিক ৷

আনহাতে ঘটনা সন্দৰ্ভক খবৰ লাভ কৰা মাত্ৰেই স্বাস্থ্য কেন্দ্ৰত উপস্থিত সোণতলী আৰক্ষীৰ এটা দল৷ মৃত কিশোৰটিৰ ঘৰ সোণতলী সত্ৰ বুলি জানিবপৰা গৈছে ৷

ইয়াৰ পূৰ্বে ২৯ আগষ্ট তাৰিখ দেওবাৰে ভদীয়া বানৰ প্ৰথমটো মৃত্যুৰ খবৰ আহিছিল গহপুৰৰ পৰা। শনিবাৰে গহপুৰৰ বৰাচুকৰ প্ৰসন্ন বৰা নামৰ লোকজনে গৰু আনিবলৈ যাওঁতে হৰ্ঠাৎ পানী বৃদ্ধি হোৱাত পানীত উটি গৈছিল পিছদিনা দেওবাৰে তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছিল।

‌আৰু পঢ়ক : কিশোৰীক প্ৰলোভন কৰি গৰ্ভৱতী কৰাৰ অভিযোগ চাহ বাগিচাৰ সহকাৰী পৰিচালকৰ বিৰুদ্ধে, পিছত কৰিলে এই কাম…