ভাৰতীয় সেনাৰ নিযুক্তি পৰীক্ষাত ২৮ জন মুন্নাভাই! ধৰা পৰি হ’ল ৰঙা ঘৰৰ আলহী

0
2026

ভাৰতীয় সেনাৰ নিযুক্তি পৰীক্ষাত ২৮ জন মুন্নাভাই! ধৰা পৰি হ’ল ৰঙা ঘৰৰ আলহী

চেন্নাইৰ নন্দম্বক্কাম অঞ্চলত এক আচৰিত ঘটনা সংঘটিত হৈছে। ভাৰতীয় সেনাত নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাত প্ৰায় ২৮ জন মুন্নাভাই ধৰা পৰিছে।তেওঁলোক সকলোৱে ব্লুটুথ ব্যৱহাৰ কৰি পৰীক্ষাত ৰেগিং কৰিছিল।

জানিব পৰা মতে নন্দম্বক্কামৰ এখন বিদ্যালয়ত সেনাৰ নিযুক্তিৰ গ্ৰুপ চি শ্ৰেণীৰ পৰীক্ষাত এক হাজাৰ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।

পৰীক্ষাটোত পৰীক্ষক সকলে কেইজনমান পৰীক্ষৰ্থীক কিছু কথাত সন্দেহ কৰিছিল। পৰীক্ষক সকলে সন্দেহৰ ভিত্তিত এই পৰীক্ষাৰ্থীসকলক পুংখানুপুংখ অনুসন্ধান চলাইচিল।

ইনভিজিলেটৰসকলে কিছুমান লোকক সন্দেহ কৰিছিল যিসকলক অস্বস্তিকৰ যেন লাগিছিল। চুপাৰভাইজাৰসকলে অনুসন্ধানৰ সময়ত তেওঁলোকে দেখিলে যে পৰীক্ষাৰ্থী সকলে পৰীক্ষাতনকল কৰিবলৈ কাণত ব্লুটুথ ব্যৱহাৰ কৰি আছিলে।

পৰ্যবেক্ষকসকলে ২৮ জন লোকক নকল কৰা ধৰা পেলাইছিল। লগে লগে সেই ২৮ জন লোকক নন্দম্বক্কাম আৰক্ষীৰ হাতত গতাই দিয়া হয়।

আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। নকল কৰা এই ২৮ জন লোকক সেনাৰ যিকোনো পদৰ বাবে আবেদন কৰিবলৈ বাধা দিয়া হ’ব বুলি জানিবলৈ পোৱা গৈছে।