22 C
Guwahati
Wednesday, January 19, 2022
More

    হোটেলৰ কোঠাত দলবদ্ধ ধৰ্ষণৰ বলি ২৭ বছৰীয়া মডেল

    হোটেলৰ কোঠাত দলবদ্ধ ধৰ্ষণৰ বলি ২৭ বছৰীয়া মডেল

    কেৰালাত এগৰাকী ২৭ বছৰীয়া মডেলক দলবদ্ধ ধৰ্ষণ কৰাক লৈ সমগ্ৰ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    কেৰালাৰ কোচিৰ এখন হোটেলত থকাৰ সময়তে তিনিজন লম্পটৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’বলগীয়া হয় কেৰালাৰ মডেল গৰাকীয়ে।

    জানিব পৰা মতে, হোটেলখনত বাহৰ পাতি থকাৰ সময়তে অভিযুক্ত ধৰ্ষণকাৰী কেইজনে প্ৰথমে মডেল গৰাকীৰ খাদ্যৰ সৈতে নিচাযুক্ত সামগ্ৰী মহিলাই দিয়ে আৰু পৰৱৰ্তী সময়ত মডেল গৰাকীক এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি দলবদ্ধ ধৰ্ষণ কৰে।

    ইপিনে, ধৰ্ষণকাৰী তিনিজনে এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ মোবাইল কেমেৰাৰেও ৰেকৰ্ড কৰে আৰু মডেল গৰাকীক ঘটনা সন্দৰ্ভত আৰক্ষীক জনালে ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে।

    অৱশ্যে, পৰৱৰ্তী সময়ত মডেল গৰাকীয়ে সমগ্ৰ ঘটনা আৰক্ষীক বিবৰি কয় আৰু আৰক্ষীয়ে অভিযুক্ত ধৰ্ষণকাৰী তিনিজনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আৰম্ভ কৰে।

    আৰু পঢ়ক : মহাৰাষ্ট্ৰত একেদিনাই ৮ গৰাকী লোক ওমিক্ৰণ প’জিটিভ, দেশৰ ওমিক্ৰণ প’জিটিভ লোকৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং