32 C
Guwahati
Wednesday, October 5, 2022
More

    যুদ্ধৰ প্ৰস্তুতি নেকি? টাইৱান বায়ু প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰৱেশ চীনৰ ২৭ খন যুঁজাৰু বিমান

    নেন্সি পেলোছিয়ে টাইৱান এৰাৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে চীন। এ এফ পিৰ মতে, ২৭ খন চীনৰ যুদ্ধ বিমান টাইৱানৰ বায়ু প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰৱেশ কৰিছে।

    চীনে বাৰম্বাৰ হুংকাৰ দি আছিল যে নেন্সি পেলোছিৰ ভ্ৰমণৰ পৰিণতি ভুগিব লাগিব টাইৱান আৰু আমেৰিকাই।

    টাইপেইৰ তথ্য অনুসৰি, টাইৱানৰ বায়ু প্ৰতিৰক্ষা মণ্ডলৰ ওপৰেৰে ২৭ খন চীনৰ যুদ্ধ বিমান উৰিছিল।

    আজি সমাপ্ত হোৱা আমেৰিকাৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ নেন্সীৰ ভ্ৰমণ সন্দৰ্ভত চীনে আমেৰিকা আৰু টাইৱানক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।

    চীনে স্ব-শাসিত টাইৱানক নিজৰ অংশ হিচাপে গণ্য কৰে আৰু পেলোছিৰ টাইৱান ভ্ৰমণক নিজৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি অভিহিত কৰিছে।

    আমেৰিকাৰ নেতাগৰাকীৰ ভ্ৰমণক লৈ অসন্তুষ্টি প্ৰকাশ কৰি চীনে আইলেণ্ডৰ ওচৰত আক্ৰমণাত্মক সামৰিক অনুশীলনৰ প্ৰস্তুতি দেখুৱাইছিল।

    নেন্সি পেলোছিয়ে টাইৱানত উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে চীনে লাইভ ফায়াৰ মিলিটাৰী ড্ৰিলৰ কথা ঘোষণা কৰে আৰু টাইৱানৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰে। চীনৰ এই আক্ৰমণাত্মক কাৰ্যকলাপক লৈ এতিয়া টাইৱানৰ ওপৰত বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং