২৬খন বিহু মঞ্চত নিষিদ্ধ ‘কা’ সমৰ্থনত থকা বহু শিল্পী

প্ৰিয়ংকা ভড়ালী, কৃষ্ণমণি চুতীয়া, নয়ন নীলিম, আকাশদ্বীপ, গায়ত্ৰী মহন্ত, আইমী বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বহুজনক বৰ্জন

0
92

ডিব্ৰুগড়ত ২৬খনকৈ বিহু সন্মিলন সমিতিৰ কঠোৰ সিদ্ধান্ত। প্ৰিয়ংকা ভড়ালী, কৃষ্ণমণি চুতীয়া, নয়ন নীলিম, আকাশদ্বীপ, গায়ত্ৰী মহন্ত, আইমী বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বহুজনক বৰ্জন। “কা”ৰ সমৰ্থনত থকা বাবেই হওঁক বা “কা”ৰ বিৰোধিতা নকৰা বাবেই হওঁক এইসকল শিল্পীক এইবাৰ ডিব্ৰুগড়ৰ ২৬ খনকৈ বিহু সন্মিলনে বৰ্জন কথা ঘোষণা কৰিছে।

এইবাৰ ডিব্ৰুগড়ৰ কোনো এখন বিহু মঞ্চতে গীত মাত পৰিবেশন কৰিব নোৱাৰিব এই সকল শিল্পীয়ে। বৃহস্পতিবাৰে এক সংবাদমেল পাতি এই কথা ঘোষণা কৰে ডিব্ৰুগড়ৰ ২৬ খনকৈ বিহু সন্মিলনৰ কমিটিয়ে।