29 C
Guwahati
Thursday, October 21, 2021
More

    দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে সুদক্ষ ঢোল বাদক তথা ছাত্ৰ সন্থাৰ সদস্য ভৃগু কুমাৰ বৰাৰ

    দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে সুদক্ষ ঢোল বাদক তথা ছাত্ৰ সন্থাৰ সদস্য ভৃগু কুমাৰ বৰাৰ

    গহপুৰত নিশা সংঘটিত এক পথ দুৰ্ঘটনাত ভৃগু কুমাৰ বৰা (২৩) নামৰ এজন যুৱকৰ মৃত্যু হোৱাক লৈ অঞ্চলটোত শোকাকুল পৰৱেশে বিৰাজ কৰিছে।

    ঘটনাৰ বিৱৰণী অনুসৰি, যুৱকজনে নিশা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এছ ০৭ যে ১৯১৫ নম্বৰৰ এখন মটৰ চাইকেলেৰে নিজ গৃহ ককিলা নাহৰনি অভিমুখে আহি থকা অৱস্থাত এখন অচিনাক্ত তীব্ৰ বেগী বাহনে খুন্দিয়াই।

    এই ঘটনাত গুৰুতৰভাবে আহত হোৱা ভৃগু কুমাৰ বৰাক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিয়া হয় যদিও আধা বাটতে তেওঁৰ মৃত্যু হয়।

    এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পিছত অঞ্চলটোৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা ই চি আই কোম্পানীয়ে চাৰিলেনযুক্ত পথত কোনো চিগনেলৰ ব্যৱস্থা নকৰাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলি পথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

    উল্লেখ্য যে নিহত ভৃগু কুমাৰ বৰা এজন সুদক্ষ ঢোল বাদক হোৱাৰ লগতে গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এগৰাকী সদস্য আছিল।

    ইনপুট : মুন গগৈ

    আৰু পঢ়ক : আন এক এনকাউন্টাৰ; আৰক্ষীৰ গুলীত এইবাৰ দুৰ্ধৰ্ষ ডকাইত আছা বাবু নিহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং