অসমৰ ২৩ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

0
513
প্ৰতিনিধিত্বমূলক চিত্ৰ

সোমবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ। অসমৰ বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ পদক।

এইবাৰ ডিষ্টিংগুইচ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে সহকাৰী আৰক্ষী আয়ুক্ত (ACP) হিমাংশু দাসলৈ।

সেইদৰে গেলেণ্টেৰী সেৱাৰ বাবে অসমৰ আঠগৰাকী আৰক্ষীয়ে পুলিচ মেডেল লাভ কৰিব। তেওঁলোক হৈছে- এছ ডি পি অ’ জোন দাস, উপ-পৰিদৰ্শক জিতুমণি ডেকা, বিতোপন চেতীয়া, অচ্যুত নাথ, লেন্সনায়ক শম্ভু ৰংহাং, কনিষ্টবল ছম্বৰ ৰংপি, কনিষ্টবল হোন্দৰছিং টকবী, কনিষ্টবল গ্ৰেটছন মাৰাক।

আনহাতে, মেৰিট’ৰিয়াছ সেৱাৰ বাবে অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে আৰক্ষীৰ পদক।

তেওঁলোক হৈছে- দিগন্ত কুমাৰ চৌধুৰী (উপ-আৰক্ষী আয়ুক্ত), বিৰাজ দাস (আৰক্ষী অধীক্ষক), অমৃত চন্দ্ৰ কলিতা (উপ আৰক্ষী অধীক্ষক), অসীম বৰা (পৰিদৰ্শক), জয়ন্ত কুমাৰ বৰ্মন (পৰিদৰ্শক), দেবেন্দ্ৰ নাথ দাস (সহকাৰী উপ-পৰিদৰ্শক), পূৰ্ণ চন্দ্ৰ দাস (লেন্স নায়ক), কমল চেত্ৰী (লেন্স নায়ক), খৰ্গেশ্বৰ নাথ (লেন্স নায়ক), দীপক ভূঞা (লেন্স নায়ক), দণ্ডধৰ বৰ্মন (কনিষ্টবল), ৰঞ্জিত শৰ্মা (কনিষ্টবল), জোনমণি কুৰ্মী (কনিষ্টবল) আৰু দিপালী গগৈ (মহিলা কনিষ্টবল)।