কাৰ্গিল বিজয় দিৱসৰ ২২ বছৰ, শ্ৰদ্ধা শ্বহীদসকলৈ….

১৯৯৯ চনৰ আজিৰ দিনটোতে কাৰ্গিলত পাকিস্তান সেনাৰ সকলো কৌশল ওফৰাই প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিচান।

0
638
কাৰ্গিল বিজয় দিৱসৰ ২২ বছৰ, শ্ৰদ্ধা শ্বহীদসকলৈ....

কাৰ্গিল বিজয় দিৱসৰ ২২ বছৰ, শ্ৰদ্ধা শ্বহীদসকলৈ….

শ্বহীদ প্ৰণামো তোমাক। কাৰ্গিল বিজয় দিৱসৰ ২২ বছৰীয়া বিজয় উৎসৱ। শ্বহীদসকলৈ শ্ৰদ্ধা জ্ঞাপন। ১৯৯৯ চনৰ আজিৰ দিনটোতে কাৰ্গিলত পাকিস্তানী সেনাৰ সকলো কৌশল ওফৰাই প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিচান।

সেই যুঁজতেই দেশমাতৃৰ বাবে প্ৰাণ হেৰুৱাইছিল বহু সৈনিক সন্তানে। বহু সৈনিক সন্তানে আজিয়ো বুকুত সযতনে ৰাখিছে সেই বিজয় উৎসৱৰ স্মৃতি।

৬০ দিন ধৰি চলা সেই যুঁজ ১৯৯৯ চনৰ আজিৰ দিনটোতেই বিজয় ধ্বজা উৰুৱাই সামৰণি পেলাইছিল ভাৰতীয় সেনাই। ৫২৭ গৰাকী মহান জোৱানৰ প্ৰাণ দানেৰে সজীৱ সেই যুঁজ। যাৰ স্মৃতিত প্ৰতি বছৰেই ৰাজধানী দিল্লতস্থিত ‘অমৰ জোৱান জ্যোতি’ত শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

সেই সময়ত যুদ্ধক্ষেত্ৰত উপস্থিত থকা অসমৰ প্ৰাক্তন সৈনিক এগৰাকীয়ে আজিয়ো ৰোমন্থন কৰে সেই স্মৃতি। তেওঁ শোভন চন্দ্ৰ কাকতি । সুদীৰ্ঘ ২৬ বছৰ কাল ভাৰতীয় সেনাবাহিনীৰ চিকিৎসা বিভাগত কৰ্মৰত তথা বৰ্তমান অৱসৰপ্ৰাপ্ত সৈনিকগৰাকীৰ ঘৰ নাৰায়ণপুৰৰ জৰাবাৰীত।

আৰু পঢ়ক : আজিৰে পৰা এইকেইখন ৰাজ্যত খুলিব শিক্ষানুষ্ঠান, লগতে খুলিব চিনেমা ঘৰ, মেট্ৰ’ আদি