ত্ৰিপুৰাত থকা সম্পৰ্কীয় ৯বছৰীয়া ভগ্নীক ধৰ্ষণ কৰাৰ অভিযোগত অসমৰ যুৱক গ্ৰেপ্তাৰ

0
982
Pocso

ত্ৰিপুৰাত থকা সম্পৰ্কীয় ৯বছৰীয়া ভগ্নীক ধৰ্ষণ কৰাৰ অভিযোগত অসমৰ যুৱক গ্ৰেপ্তাৰ। কৰিমগঞ্জ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকগৰাকীক।

ত্ৰিপুৰাৰ উত্তৰ দিশৰ যুৱৰাজ নগৰৰ এই ঘটনা। অসমৰ পৰা যোৱা এগৰাকী ২২ বৰ্ষীয় যুৱকৰ বিৰুদ্ধে নিজৰেই সম্পৰ্কীয় ৯ বছৰীয়া কনামনি ভগ্নীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ।

যুৱকগৰাকীক ৩০ জুলাই শনিবাৰে কৰিমগঞ্জ জিলাৰ পাথৰকাণ্ডীৰ পৰা গ্ৰেপ্তাৰ কৰে ত্ৰিপুৰা আৰক্ষীয়ে। আজি দেওবাৰে ন্য়ায়ালয়ত হাজিৰ কৰায় অভিযুক্ত যুৱকক।

ন্যায়ালয়ে ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে যুৱকগৰাকীক।

জানিব পৰা মতে, এই ধৰ্ষণৰ ঘটনা ২৮ জুলাইৰ। অভিযুক্ত যুৱক ত্ৰিপুৰাৰ সম্পৰ্কীয় লোকৰ ঘৰলৈ বুলি গৈছিল। অভিযোগ অনুসাৰে তাতেই ৯ বছৰীয়া সম্পৰ্কীয় কনমানি ভগ্নীক ধৰ্ষণ কৰি তাৰ পৰা পলাই আহে।

আনহাতে কনামনি জনিয়ে কোনোমতে ঘৰত উপস্থিত হোৱাত কনমানিৰ অৱস্থাত দেখি ঘৰৰ মানুহৰ সন্দেহ উপজোত সোধ পোচ কৰোতে কনামনিয়ে ধৰ্ষণ কৰাৰ কথা অৱগত কৰে।

লগে লগেই পৰিয়ালৰ লোকে কনামনিগৰাকীক স্থানীয় হাস্পতাললৈ লৈ যায় স্বাস্থ্য পৰীক্ষাৰ বাবে। আনহাতে ধৰ্মনগৰ আৰক্ষী থানাতো ধৰ্ষণৰ অভিযোগেৰে গোচৰ ৰুজু কৰে।

ভাৰতীয় দণ্ডবিধি আইন আই পি চি ২৭৬ এ বি আৰু পোক্সো আইনৰ আধাৰত যুৱকৰ বিৰুদ্ধে গোচৰ তৰে।