‘প্ৰমাণৰ অভাৱ..’ : ১৭ জন লোকক হত্যা কৰাৰ গোচৰত ২২ জন লোকক দোষমুক্ত ঘোষণা

0
43
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুজৰাটৰ পঞ্চমহল জিলাৰ হালোল চহৰৰ এখন আদালতে ২০০২ চনত ৰাজ্যখনত গোধৰা কাণ্ডৰ পিছত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত দুটি শিশুকে ধৰি সংখ্যালঘু সম্প্ৰদায়ৰ ১৭ জন লোকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ২২ জন লোকক প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰে।

প্ৰতিৰক্ষা অধিবক্তা গোপাল সিং ছোলাংকিয়ে কয় যে অতিৰিক্ত সত্ৰ ন্যায়াধীশ হৰ্ষ ত্ৰিবেদীৰ আদালতে ২২ জন অভিযুক্তক দোষমুক্ত কৰিলে, ইয়াৰে ৮ জনৰ গোচৰৰ বিচাৰৰ সময়ত মৃত্যু হয়।

ছোলাংকিয়ে কয়, ‘জিলাখনৰ ডেলোল গাঁৱত দুটি শিশুকে ধৰি সংখ্যালঘু সম্প্ৰদায়ৰ ১৭ জন লোকক হত্যা আৰু দাংগাৰ গোচৰত প্ৰমাণৰ অভাৱৰ বাবে আদালতে আটাইকেইজন অভিযুক্তক দোষমুক্ত কৰে’।

ভুক্তভোগীৰ অভিযোগ অনুসৰি, ২০০২ চনৰ ২৮ ফেব্ৰুৱাৰিত এই লোকসকলক হত্যা কৰা হৈছিল আৰু প্ৰমাণ ধ্বংস কৰাৰ উদ্দেশ্যেৰে মৃতদেহসমূহ জ্বলাই দিয়া হৈছিল।

২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত পঞ্চমহল জিলাৰ গোধৰা চহৰৰ সমীপত সাবৰমতী এক্সপ্ৰেছৰ এটা দবাত একাংশ লোকে জ্বলাই দিয়াৰ এদিন পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল।

দবা জ্বলোৱাৰ ঘটনাত ৫৯ জন যাত্ৰী নিহত হৈছিল।

ডেলোল গাঁৱত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে হত্যা আৰু দাংগা সম্পৰ্কীয় ভাৰতীয় দণ্ডবিধিৰ ধাৰাত এফ আই আৰ ৰুজু কৰা হয়। আন এজন আৰক্ষী পৰিদৰ্শকে ঘটনাৰ প্ৰায় দুবছৰৰ পাছত নতুনকৈ গোচৰ ৰুজু কৰি দাংগাত জড়িত থকাৰ অভিযোগত ২২ জন লোকক গ্ৰেপ্তাৰ কৰে।