১টা,২টা নহয় ২২টাকৈ কুকুৰৰ ৰহস্যজনক মৃত্যু শোণিতপুৰৰ বৰছলাত

প্ৰথমতে ৰাইজে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাছিল যদিও একেলগে বহুকেইটা কুকৰৰ মৃত্যু হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী

0
62

বিশ্বত মহামাৰী কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰি মানৱজাতিৰ ভয়ংকৰ বিপৰ্যয়ৰ ইংগিত দিয়াৰ সময়তে শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ ১ নং, ২ নং ৰঙাগড়াত ২২ টাকৈ কুকুৰৰ অনাকাংক্ষিত মৃত্যুৱে শংকিত কৰি তুলিছে সকলোকে। জানিৱ পৰা মতে, ৰঙাগড়াত এটা দুটাকৈ কুকুৰৰ মৃত্যু হৈ ২২ টাতকৈও অধিক কুকুৰৰ মৃত্যু হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।ক্ৰমান্বয়ে বাঢ়িছে কুকুৰৰ মৃত্যুৰ সংখ্যা।

প্ৰথমতে ৰাইজে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাছিল যদিও একেলগে বহুকেইটা কুকৰৰ মৃত্যু হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী। যাৰ বাবে গাঁও দুখনত বহুকেইটা কুকুৰৰ মৃত্যুৰ বিষয়টো গাঁওবাসীয়ে গাঁওৰক্ষী বাহিনীক অৱগত কৰায় আৰু গাঁওৰক্ষী বাহিনীৰ অনুসন্ধানৰ অন্ততঃ প্ৰায় ২২ টাকৈ কুকুৰৰ মৃত্যুৰ সম্ভেদ পায়। কৰ’ণাৰ আতংকত সকলো কম্পিত হৈ থকাৰ সময়তে কি কাৰণত একেলগে বহুকেইটা কুকুৰৰ মৃত্যু হ’ল সেয়াই অঞ্চলবাসীৰ মনত এক অজান ভয়ৰ সৃষ্টি কৰিছে।

Video: Time8

Photo Credit: The News Minute