গৰ্ভৱতী শিক্ষয়ত্ৰীক আক্ৰমণ কৰা মৰাণ জৱাহৰ নবোদয় বিদ্যালয়ৰ ২২ গৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ

0
799

মৰাণ জৱাহৰ নবোদয় বিদ্যালয়ৰ ২২ গৰাকী শিক্ষাৰ্থীক অহা ছয়মাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। এগৰাকী অন্তঃসত্ত্বা শিক্ষয়ত্ৰীক মাৰ ধৰ কৰাৰ অভিযোগত এই ছাত্ৰ কেইজনক বহিষ্কাৰ কৰে বিদ্যালয় কৰ্তৃপক্ষই।

বহিষ্কাৰ কৰা শিক্ষাৰ্থী কেইজন নৱম, দশম আৰু একাদশ শ্ৰেণীৰ।

বিদ্যালয় কৰ্তৃপক্ষই এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ছাত্ৰ কেইজনৰ অভিভাৱকক মাতি আনি তেওঁলোকক ঘৰলৈ লৈ যাবলৈ কয়। কিন্তু কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি ছাত্ৰ কেইজনৰ লগতে তেওঁলোকৰ অভিভাৱকে নিশা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অভিভাৱক আৰু বহিষ্কৃত ছাত্ৰ কেইজন বিদ্যালয় এৰি যাবলৈ অমান্তি হৈছিল যদিও পিছত স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ বুজনিত ঘৰলৈ যাবলৈ মান্তি হয়।

উল্লেখ্য যে ছাত্ৰকেইজনে পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে অভিভাৱকসকলক শিক্ষয়ত্ৰীগৰাকীয়ে অভিযোগ দিছিল। অভিযোগ দিয়া বাবেই দেওবাৰে বিয়লি শিক্ষয়ত্ৰীগৰাকীক আক্ৰমণ কৰিছিল ছাত্ৰ কেইজন।

এই আক্ৰমণৰ পৰা বিদ্যালয়ৰ ছাত্ৰী আৰু কৰ্মচাৰীৰ সহযোগত প্ৰাণ ৰক্ষা পৰিছিল শিক্ষয়ত্ৰী গৰাকীৰ। অংকুশ সিং নামৰ এজন ছাত্ৰৰ নেতৃত্বত এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।  

উল্লেখ্য যে আক্ৰমণৰ বলি হোৱা শিক্ষয়ত্ৰীগৰাকী পাঁচ মাহৰ অন্তঃসত্ত্বা।