তথ্য দিয়াৰ বাবে যোগান বিভাগক লাগে ২১ লাখ টকা! নিজৰ মাটি ভেটি যোগান বিভাগক অৰ্পণ কৰাৰ সিদ্ধান্ত RTI কৰ্মীৰ

0
56

তথ্য দিয়াৰ যোগান বিভাগক লাগে ২১ লাখ টকা! যোগান বিভাগক নিজৰ মাটি ভেটি চমজাই দিয়াৰ সিদ্ধান্ত RTI কৰ্মীৰ

তথ্য বিচাৰি বিপদত এজন RTI কৰ্মী! হোজাইৰ যোগান বিভাগৰ পৰা তথ্য বিচাৰি বিপদত পৰিছে এইবাৰ এজন RTI কৰ্মী ৷ ডবকাৰ তাজ উদ্দিন নামৰ যুৱকজনে হোজাইৰ যোগান বিভাগৰ পৰা কিছু তথ্য বিচাৰি কৰিছিল এখন আবেদন৷

উল্লেখ্য যে, সেই তথ্য সমূহ পাবলৈ হলে ২১ লাখ টকা জমা দিব লাগিব বুলি পত্ৰ প্ৰদান কৰে যোগান বিভাগে৷ এই যোগান বিভাগৰ প্ৰত্ৰখনে এতিয়া RTI কৰ্মীজনৰ লগতে সচেতন নাগৰিকৰো চকু কপালত তুলিছে৷ RTI কৰ্মীজনে নিজৰ মাটি ভেটি খিনি যোগান বিভাগক চমজাই দি হলেওঁ তথ্যসমূহ সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে৷

ইপিনে যোগান বিভাগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্তাপন কৰিছে RTI কৰ্মীজনে৷ ২০২১ বৰ্ষত হিতাধাকাৰীৰ বাবে আবন্টন হোৱা প্ৰায় ১৭ হাজাৰ কুইন্টল চাউল আজিলৈকে বিতৰণ কৰা নাই যোগান বিভাগে৷ এই সন্ধৰ্ভত যোগান বিভাগৰ সহকাৰী সঞ্চালক এচ কে চিনহাৰ পৰা জানিব বিচৰাত তেওঁ আজৱ মন্তব্য প্ৰদান কৰে ৷
সঞ্চালক গৰাকীৰ মতে ২০২১ ত আৱন্টন হোৱা চাউলখিনি বিভিন্ন গোদামত আছে ৷

সেই চাউলখিনি হেনো ৰুটেশ্বন কৰি আছে যোগান বিভাগে ৷ এতিয়া প্ৰশ্ন হয় সচাকৈয়ে চাউলখিনি গোদামত জমা আছে নেকি? নে দুখীয়াৰ বাবে আবন্টিত চাউলখিনিও এৰি নিদিলে বৰমুৰীয়া সকলে৷

INPUT: শহিদুল আলম