29 C
Guwahati
Wednesday, August 10, 2022
More

    ২০২১ বৰ্ষৰ অসমৰ কেইটামান বিশেষ স্মৰণীয় ঘটনা

    ২০২১ বৰ্ষৰ অসমৰ কেইটামান বিশেষ স্মৰণীয় ঘটনা

    কৰণাৰ মাজেৰে পাৰ হ’ল এটা বছৰ। তাৰ মাজতে বহু সুখ আৰু দুখৰ খবৰে মানুহৰ মন বোৰ ভৰাই তুলিলে। কোনোৱে যদি সুখেৰে পাৰ কৰিলে এটা বছৰ। কোনোৱে দুখৰ মাজেৰে পাৰ কৰিলে বছৰটো।

    কোনোৱে লাভ কৰিলে ইৰ্ষনীয় সাফল্য কোনো জন আকৌ কৰণাৰ বাবে হৈ পৰিল সৰ্ব্বস্বান্ত। কৰ’ণা মহামাৰীৰ মাজেৰেই তেনেকৈয়ে পাৰ হবলৈ গৈ আছে ২০২১ বৰ্ষ । ২০২২ লৈ মাথো এটা দিন।

    দেশৰ লগতে অসমতো হৈ গ’ল বহু ঘটনা-পৰিঘটনা। তাৰেই মাজৰ কেইটামান বিশেষ ঘটনা স্মৰণীয় হৈ ৰব অসম বাসীৰ বাবে।

    বছৰটোৰ আৰম্ভণিয়েই হয় নিৰ্বাচনৰ গৰম বতাহেৰে। বহু জল্পনা কল্পনাৰ অন্তত অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড০ হিমন্ত বিশ্ব শৰ্মা

    এই বছৰতেই ৰাজ্যৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পদলৈ নিৰ্বাচিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ২০২১ বৰ্ষত এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰে। বিত্তমন্ত্ৰী অজন্তা নেওগে এই ইতিহাস ৰচনা কৰে।

    বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা কংগ্ৰেছ দলতো গৰাখহনীয়া। কেইবাগৰাকী নেতাৰ বিজেপিলৈ গমন। কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈয়ে বিজেপিলৈ গমণ ৰূপজ্য়োতি কুৰ্মী, সুশান্ত বৰগোহাঁই।

    অসমৰ ইতিহাসত নাম ৰাখি জেলৰ পৰাই নিৰ্বাচন খেলি যোৰহাট বিধানসভা সমষ্টিত জয়লাভ কৰি বিধায়ক নিৰ্বাচিত অখিল গগৈ। ১৮ টা মাহে জেলত থকাৰ পিছত ২০২১ বৰ্ষৰ জুলাইত মুক্তি লাভ কৰে।

    নিৰ্বাচনৰ মাজতেই কৰণাইয়ো বাৰে বাৰে ভুমুকিয়াই প্ৰাণ কাঢ়ি নিলে অসমৰ কেইবাগৰাকী বিশিষ্ট লোকৰ। বৰ্তমানলৈ ৬ হাজাৰৰো ওপৰ লোকৰ মৃত্যু।

    বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ হোমেন বৰগোহাঞিৰ কৰণাত আক্ৰান্ত হৈ ১২ মে’ ২০২১ তাৰিখে মৃত্যু।

    জনপ্ৰিয় সুকণ্ঠী গায়িকা ভিটালী দাসৰ কৰণাত আক্ৰান্ত হৈ মাথো ৪১ বছৰ বয়সতে ২১ এপ্ৰিল তাৰিখে মৃত্যু।

    অসমৰ প্ৰথম মহিলা আই পি এছ পাৰুল দাসৰো ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু এই ২০২১ বৰ্ষতেই।

    তামুলপুৰৰ বিধায়ক লেহোৰাম বড়ো, গোসাঁইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰো কৰণাত আক্ৰান্ত হৈ মৃত্যু।

    কেইবাগৰাকী সাংবাদিকৰ মৃত্যু কৰ’ণাত আক্ৰান্ত হৈ।

    কৰণাৰ বাবে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নোহোৱাকৈ বিকল্প মাধ্যেমেৰে ঘোষণা কৰা হয় ২০২১ বৰ্ষৰ দশম-দ্বাদশৰ পৰীক্ষাৰ ফলাফল

    তাৰে মাজতে সুখবৰ লৈ আহে লাভলিনা বৰগোহাঁইয়ে। অলিম্পিকত ব্ৰঞ্জ জয় লাভ কৰিও অসমৰ বাবে স্বৰ্ণকন্যা লাভলিনা বৰগোহাঁইৰ অতিকে ভাল খবৰটো। অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে তথা প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে ২০২১ত অনুষ্ঠিত হোৱা অলিম্পিকত অংশ লোৱাই নহয় বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰি বিশ্বৰ দৰবাৰত অসমৰ নাম উজলাই।

    সাহিত্যৰ ক্ষেত্ৰতো এই বছৰতে অসমৰ তৃতীয়গাৰকী ব্যক্তি হিচাপে প্ৰখ্যাত কবি, কলা-সমালোচক, অধ্যাপক তথা সাহিত্যিক নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰে।

    ”ইয়াত এখন অৰণ্য আছিল” শীৰ্ষক গ্ৰন্থৰ বাবে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা।

    ‘ডেউকা’ৰ বাবে অভিজিৎ বৰালৈ যুৱ অকাডেমী বঁটা । মৃণাল কলিতা লৈ “বকুল ফুলৰ দৰে” গ্ৰন্থৰ বাবে বাল(শিশু) সাহিত্য অকাডেমী বঁটা।

    আনহাতে মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈয়ে হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষত কেইবাটাও উল্লেখনীয় কাম কৰে।

    গুৱাহাটী মহানগৰীক দেশৰ অন্য উন্নত ৰাজ্যৰ দৰে উন্নত কৰিবৰ বাবে কেইবাখনো ফুটব্ৰীজৰ নিৰ্মাণ কৰে ২০২১ বৰ্ষত।

    বহুদিনৰ বহু লোকৰ আশাৰ মাজুলী-যোৰহাট দলঙৰ কাম আৰম্ভ। নিমাতি ঘাটৰ পৰা যোৱাৰ পিছতে মাজুলী পোৱাৰ আগে আগে সংঘটিত হোৱা সেই ফেৰী দুৰ্ঘটনাৰ পিছতে মাজুলীৰ বহুদিনীয়া সপোন এখনৰ দলঙৰ কাম আৰম্ভ কৰে।

    হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈয়ে ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰেহাই দিয়ে মাইক্ৰ’ফাইনেন্সৰ ঋণ

    গো সুৰক্ষা আইনো আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালতে এই বছৰতে।

    ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বহু ড্ৰাগছ ব্যৱসায়ীক ধৰাৰ লগতে এনকাউণ্টাৰো কৰে বহু অপৰাধীৰ। যি কাৰ্যৰ বাবে ৰাজ্যৰ বহু লোকৰ সমালোচনাৰো সন্মুখিন হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ।

    অবৈধ নাগৰিকক উচ্ছেদৰ নামত ৰাজ্যৰ কেইবাখনো ঠাইত উচ্ছেদ অভিযান। তাৰে ভিতৰত চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ গৰুখুটিৰ উচ্ছেদ অভিযানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো কেন্দ্ৰ বিন্দু হৈ পৰে।

    জুলাই মাহত বহু কেইগৰাকী সতীৰ্থসহ ওদালগুৰিত আত্মসমৰ্পন কৰে এনএলএফবিৰ মুৰব্বী এম বাথাই। অৱশ্যে উগ্ৰপন্থী নেতাজনে পিছত মন্তব্য কৰে যে, তেওঁলোকে আত্মসমৰ্পন কৰা নাই, যুদ্ধবিৰতিহে ঘোষণা কৰিছে ।

    পেট্ৰ’ল ডিজেলৰ মূল্য শতকৰ ঘৰত প্ৰৱেশ কৰে এই বছৰতেই। খোৱা তেলৰো অভাৱনীয় মূল্য বৃদ্ধি পাই এই ২০২১ বছৰটোতেই।

    নৱেম্বৰ মাহত ৰাজ্য কপাই যোৱা যোৰহাটৰ গণহত্য়াৰ ঘটনা। লোকক সহায় কৰিবলৈ গণপ্ৰহাৰত মৃত্যু হোৱা ছাত্ৰনেতা অনিমেশ ভূঞাৰ মৃত্যুৰ বাতৰি আছিল ২০২১ বৰ্ষৰ বাবে অতিকে দুখজনক খবৰ।

    অসম মিজোৰাম সংঘাটেও বিশেষ চৰ্চা লাভ কৰে। ৬ জনকৈ লোকে প্ৰাণ হেৰুাৱই অসম মিজেৰাম সীমান্ত সংঘাটত। তাৰ পিছৰে পৰা সীমান্ত সমস্যাই চৰ্চা লাভ কৰে। অসম মেঘালয় সীমান্ত সমস্যা সমাধানৰ বাবেও কমিটি গঠন।

    তাৰ মাজতে অভিলেখ গঢ়ে অসমৰ চাহপাতে। বিশ্বত জনপ্ৰিয় তথা অতি সুলভ মনোহৰি গোল্ড টীয়ে এইবাৰ গঢ়িলে নতুন ৰেকৰ্ড। ডিচেম্বৰ মাহত মনোহৰি গোল্ড টীৰ ১ কেজি চাহপাত বিক্ৰী হয় ৯৯,৯৯৯ টকাত।

    বছৰটোৰ শেষত অহা অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শকৰ পদলৈ ভায়’লেট বৰুৱা উন্নীত হোৱা খবৰে কিছু ।

    আৰু পঢ়ক : পিতৃ-কন্যাৰ সম্পৰ্কত কালিমা! কিশোৰীয়ে সন্তান জন্ম দিয়াৰ পিছত পোহৰলৈ আহিল জঘন্য ঘটনা
    
    

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং