
আজি প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’। পৰীক্ষাৰ্থী আৰু শিক্ষকসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব লগীয়া এই মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব নতুন দিল্লীত। এই মত বিনিময় অনুষ্ঠানত ভাৰতৰ লগতে বিদেশৰো বহু শিক্ষাৰ্থীয়ে ভাগ লব।
বিগত বৰ্ষতকৈও এইবাৰ অধিকসংখ্যক ছাত্ৰ–ছাত্ৰীয়ে নৰেন্দ্ৰ মোদীৰ সৈতে মত বিনিময় কৰিবলৈ পঞ্জীকৰণ কৰিছে। বিশেষকৈ শাৰীৰিক ভাৱে সক্ষম ছাত্ৰ–ছাত্ৰীসকল প্ৰধানমন্ত্ৰীৰে মত বিনিময়ক লৈ অধিক উৎসাহী। পঞ্জীয়নভু্ক্ত সকলৰ ভিতৰত আছে ৫০গৰাকীকৈ দিব্যাংগ শিক্ষাৰ্থী।
এই মত বিনিময় অনুষ্ঠানত ৯ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ নিৰ্বাচিত শিক্ষাৰ্থীসকলে এই ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। এই অনুষ্ঠানত কিদৰে পৰীক্ষাৰ চাপৰ পৰা মুক্তি পাব পাৰি সেই বিষয়ক লৈ ছাত্ৰ–ছাত্ৰীৰে বাৰ্তালাপ কৰিব মোদীয়ে।
বিগত মাহত, প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ–ছাত্ৰীসকলক পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত চাপমুক্ত হোৱাৰ আহ্বান জনাইছিল। টুইটাৰতো এই সন্দৰ্ভত উল্লেখ কৰিছিল প্রধানমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে এটা বাছনিৰো ঘোষণা কৰিছিল মোদীয়ে।