আজি সদনত মন্ত্ৰী হিমন্তই দাখিল কৰিব সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট

আজি দাখিল কৰিবলগীয়া এই বাজেট জনমুখী হোৱাৰ আশা

0
66

আজি বাজেট অধিৱেশনৰ পঞ্চম দিন। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব পূৰ্ণাংগ বাজেট। বিধানসভাৰ মজিয়াত দিনৰ ২ বজাত দাখিল কৰিব ২০২০-২১ বৰ্ষৰ বাজেট। এইখন বাজেট হ’ব সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট।

আজি দাখিল কৰিবলগীয়া এই বাজেট জনমুখী হোৱাৰ আশা। কেইবাটাও ভাল বিষয়বস্তু বাজেটত উল্লেখ কৰাৰ সম্ভাৱনা। হিমন্তই পুৰ্বে উল্লেখ কৰা অনুসৰি এইবাৰৰ বাজেটত থাকিব দিব্যাংগ সকলৰ বাবে সুকীয়া বাজেট। মহিলা আৰু শিশু সকলৰ বাবেও থাকিব বাজেটত সুকীয়া স্থান।

Photo Credit: Time8