আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে গঠন কৰিব চৰকাৰ ?

কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চা মিত্ৰজোঁটে চৰকাৰ গঠনৰ ইংগিত পোৱা গৈছে

0
66

ঝাৰখণ্ডত আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। ঝাৰখণ্ডৰ ৮১ খন বিধানসভা আসনৰ বাবে হৈছিল এই নিৰ্বাচন। চৰকাৰ গঠনৰ বাবে বা সংখ্যাগৰিষ্ঠতাৰ বাবে এই ৮১ খন আসনৰ ভিতৰত প্ৰয়োজন ৪১খন আসন।

পুৱাৰ পৰা ২৪ খন জিলা কাৰ্যালয়ত ভোটগণনা আৰম্ভ কৰা হৈছে। দিনৰ ১ বজাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ৩০ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ হৈছিল এই ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ৰাজ্যখনত এইবাৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় দল সমুহৰ লগতে সমানে যুঁজ আঞ্চলিক দল সমূহেও। তাৰ ভিতৰত উল্লেখযোগ্য, ঝাৰখণ্ড মুক্তি মৰ্চা(JMM), সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থা (AJSU), ৰাষ্ট্ৰীয় জনতা দল(RJD), ঝাৰখণ্ড বিকাশ মৰ্চা(JVM)আদি। ইয়াৰ বাহিৰেও বৰ্তমানে হৈ থকা ভোট গণনাত কেইবাজনো নিৰ্দলীয় প্ৰাৰ্থীয়েও আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চা মিত্ৰজোঁটে চৰকাৰ গঠনৰ ইংগিত পোৱা গৈছে।

বৰ্তমানে হৈ থকা ভোট গণনাৰ ফলাফল এতিয়ালৈকে ওলোৱা নাই যদিও ভোটৰ ক্ষেত্ৰত আগবাঢ়ি আছে বহু প্ৰাৰ্থী, ফলাফল সমূহ ঠিক এনেধৰণৰ
বিজেপি-৩০
ঝাৰখণ্ড মুক্তি মৰ্চা(JMM)-২৪
কংগ্ৰেছ -১১
সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থা (AJSU)-৪
ৰাষ্ট্ৰীয় জনতা দল(RJD)-৫
ঝাৰখণ্ড বিকাশ মৰ্চা(JVM)-৩
নিৰ্দলীয় প্ৰাৰ্থী -৫

Photo Credit: Newsd