29 C
Guwahati
Thursday, October 21, 2021
More

    কেবৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে শিমলুগুৰিত ২০০ৰো অধিক সন্দেহযুক্ত নাগৰিকক আৱদ্ধ

    ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত

    দেওবাৰে পুৱাই শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’লৱে জংচনত আৱদ্ধ কৰি ৰখা হৈছে শতাধিক সন্দেহযুক্ত নাগৰিকক। থলুৱা নিবনুৱাক প্ৰতাৰণা কৰি অ’এনজিচিৰ অন্তৰ্গত বিতৰ্কিত ঠিকাদাৰ কৃষ্ণ আগৰৱালা মালিকাধীন “এচ কে পেট্ৰ”নামৰ কোম্পানীটোৰ ড্ৰিলিং কোম্পানীৰ কামৰ বাবে কলিকতাৰ পৰা লৈ আনিছে দুই শতাধিক সন্দেহযুক্ত নাগৰিকক। এইসকল সন্দেহযুক্ত নাগৰিকৰ পৰচিয়-পত্ৰতো দেখিবলৈ পোৱা গৈছে নানাধৰণৰ বিসংগতি।

    লগতে এইলোকসকলে ভালদৰে নাজানে হিন্দী ভাষাও। ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহিত হোৱাৰ প্ৰাকক্ষণত এইদৰে ২০০ৰো অধিক সন্দেহযুক্ত নাগৰিকক লৈ এতিয়া সৰৱ হৈ পৰিছে শিমলুগুৰিৰ স্থানীয় ৰাইজ তথা দল-সংগঠন। বৰ্তমানো শিমলুগুৰি ৰে’লৱে জংচনত আৱদ্ধ কৰি ৰখা হৈছে সন্দেহযুক্ত নাগৰিকক। কেনেকৈ কিয় এইসকল লোক শিমলুগুৰিলৈ আহিছে তাকে লৈ সৰৱ পৰিছে স্থানী ৰাইজ তথা দল-সংগঠন।

    • Input – Bikash Arandhara, Nazira

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং