25.4 C
Guwahati
Sunday, September 26, 2021
More

    কুৰিহামাৰী চৰত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ২০০ বেগ চোৰাং চাউল জব্দ

    কুৰিহামাৰী চৰত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ২০০ বেগ চোৰাং চাউল জব্দ

    ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ৰমৰমীয়া কলা বেহা। বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰত নিশা ২০০ বেগ চোৰাং চাউল ভৰ্তি দুখন নাও জব্দ কৰে স্থানীয় ৰাইজে।

    দীৰ্ঘদিন চৰাঞ্চলৰ কিছুমান অসাধু সুলভ মূল্যৰ ব্যৱসায়ীয়ে দৰিদ্ৰ লোক সকলৰ নামত অহা এই চাউল সমূহ একাংশ চোৰাং চাউল ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আঙিছিল।

    অসাধু ব্যৱসায়ী সকলে নিশা দুখনকৈ নাৱত চাউলখিনি চোৰাংভাৱে বিক্ৰী কৰিবলৈ যো-জা চলাওতেই কুৰিহামাৰীৰ স্থানীয় ৰাইজে জব্দ কৰে চাউলখিনি।

    ৰাইজৰ আগমনৰ উমান পাই অসাধু ব্যৱসায় কেইটাই চাউল ভৰ্তি নাও দুখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

    পিছত স্থানীয়লোকে শিয়ালমাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত শিয়ালমাৰী আৰক্ষী উপস্থিত হয় আৰু ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

    দৰিদ্ৰ লোকৰ মুখৰ পৰা কাঢ়ি বগা চাউলৰ কলা বেহা কৰা অসাধু ব্যৱসায় সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই ৰাইজে।

    উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বৰক্ষেত্ৰীৰ বামুণবড়ীৰ পৰা এখন চাউল ভৰ্তি বাহন আৰু এজন ব্যৱসায়ীক আটক কৰিছিল দৌলাশাল আৰক্ষীয়ে।

    ইনপুট : বিতোপন কাকতি

    আৰু পঢ়ক : ডিব্ৰুগড়ৰ ষ্টেট বেংকৰ ভিতৰত জঘন্য ঘটনা, কেমেৰাত বন্দী হোৱা দৃশ্যই লজ্জানত কৰিছে সভ্য সমাজক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং