26 C
Guwahati
Saturday, October 16, 2021
More

    নৰেন্দ্ৰ মোদীৰ কেইখনমান নেদেখা ফটো, বাল্যকালৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ জীৱন পৰিক্ৰমা…

    নৰেন্দ্ৰ মোদীৰ কেইখনমান নেদেখা ফটো, বাল্যকালৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ জীৱন পৰিক্ৰমা…

    ভাৰতবৰ্ষৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী তথা দুবাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইখনমান বিশেষ ফটো। য়ু ফটোত প্ৰতিফলিত হৈছে বাল্যকালৰ পৰা বৰ্তমানলৈকে থুলমূল জীৱন পৰিক্ৰমা। এক কথাত ক’বলৈ গলে ২০ খন ফটোৰে ভুৰুকাত হাতী ভৰোৱা।

    ১৯৬০ চন
    সৈনিক স্কুলত পঢ়িব বিচাৰিছিল। কিন্তু আৰ্থিক দূৰবস্থা আছিল হেঙাৰ। ১২ বছৰ বয়সতে এন চি চি কেডেট আছিল।

    ১৯৬৭
    ১৭ বছৰ বয়সতে ঘৰ ত্যাগ কৰি ভাৰত ভ্ৰমণলৈ ওলাই গৈছিল।

    ১৯৭২ চন
    ভাৰত ভ্ৰমৰ পৰা ২ বছৰৰ অন্তত উভতি আহি ঘৰত কেৱল ১৭ দিন হে আছিল। পিছত ৰাষ্ট্ৰীয় স্বয়ং সেৱাৰ সৈতে জড়িত হৈ আহমেদাবাদ গুচি যায়।

    ১৯৭৪ চন
    কংগ্ৰেছৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ। ইন্দিৰা গান্ধী চৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুৱ আন্দোলন।

    ১৯৭৫ চন
    কংগ্ৰেছ চৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ সময়ত বহুতো প্ৰতিবাদত অংশ লৈছিল। যাৰ বাবে আৰক্ষীয়ে ২বছৰ ধৰি মোদীৰ সন্ধানত নামিছিল। কিন্তু শিখ হৈ চেহেৰা সলাই আছিল মোদীয়ে।

    ১৯৭৮ চন
    ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আহমেদাবাদৰ প্ৰচাৰ বিভাগৰ দ্বায়িত্ব অৰ্পণ।

    ১৯৮০ চন
    মোদীৰ কামত সন্তুষ্ট হৈ সমগ্ৰ গুজৰাটৰেই প্ৰচাৰৰ দ্বায়িত্ব অৰ্পণ।

    ১৯৮৭ চন
    বিজেপিত যোগদান। সংঘৰ পৰাই বিজেপিলৈ প্ৰেৰণ। বিজেপিয়ে গুজৰাটৰ অৰ্গেনাইজিং য়ুনিটৰ সচিব নিয়োগ কৰে।

    ১৯৮৭ চন
    বিজেপিৰ বৰিষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ ন্যায় যাত্ৰাৰ সম্পূৰ্ণ দায়িত্ব মোদীৰ ওপৰত পৰে। সেয়াই আছিল ৰাজ্যৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যাত্ৰা।

    ১৯৯০ চন
    গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে সুন্দৰভাৱে বিজয় সাব্যস্ত কৰে। মোদী সেই সময়ত আছিল সংগঠন মন্ত্ৰী।

    ১৯৯৫ চন
    দিল্লীলৈ ৰাওনা মোডী। ৰাষ্ট্ৰীয় সচিবৰ দায়িত্ব অৰ্পণ। লগতে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰমুখ নেতা হিচাপেও দায়িত্ব অৰ্পণ।

    ১৯৯৯ চন
    লোকসভা নিৰ্বাচনত বিজেপিৰ জয়। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মোদীৰ কামৰ প্ৰশংসা।

    ২০০১ চন
    গুজৰাটৰ মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ স্বাস্থ্যৰ অৱনতি হোৱাত তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ অটল বিহাৰী বাজপেয়ীয়ে নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰে।

    ২০০২ চন
    বিধানসভা নিৰ্বাচনৰ ৰেকৰ্ড ভোটেৰে জয়ী হৈ দ্বিতীয় বাৰলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী নিযুক্তি।

    ২০০৭ চন
    তৃতীয়বাৰলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত। ২০১২ চনতো গুজৰাট বিধানসভা নিৰ্বাচনত জয়ী হৈ চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত।

    ২০১৩ চন
    ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হোৱাৰ দিশে। ৰাষ্ট্ৰীয় অধ্য়ক্ষ ৰাজনাথ সিঙে জুন মাহত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বচনী প্ৰচাৰ কমিটিৰ সচিব নিৰ্বাচিত কৰে মোদীক। সেই একে বৰ্ষৰে ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী পদৰ বাবেও নাম ঘোষণা কৰে।

    ২০১৪ চন
    লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়। ১৫ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ শপত গ্ৰহণ।

    ২০১৯ চন
    দ্বিতীয় বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী।

    আৰু পঢ়ক : চাফাই কৰ্মীৰ স্কুটীৰ পৰা ওলাই পৰিল মৃত সদ্যজাত কেঁচুৱা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং