
পশ্চিম বংগৰ হাওৰা জিলাৰ এক অঞ্চলত আজি পুৱতি নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২০ খন দোকান জ্বলি ভষ্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই এই খবৰ প্ৰদান কৰে।
বাগনান চেণ্ট্ৰেল বাছ ষ্টেণ্ডৰ গাতে লাগি থকা ৰেজিষ্ট্ৰি গালি এলেকাত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত সৌভাগ্যক্ৰমে কোনো লোকে আঘাত পোৱা নাই বুলি জানিবলৈ দিয়ে বিষয়াজনে।
বিষয়াজনে জনোৱা মতে, অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলত অগ্নি নিৰ্বাপক বাহিনীৰ চাৰিখন বাহন উপস্থিত হৈ প্ৰায় ২ ঘণ্টাৰ মূৰত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
এখন দোকানত হোৱা চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটি কিছু সময়ৰ ভিতৰতে আন আন দোকানসমূহলৈ বিয়পি পৰাত ভয়ংকৰ ঘটনাটো ঘটে। অৱশ্যে চৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে নেকি সেয়া নিশ্চিত নহয় যদিও তদন্ত অব্যাহত আছে।
ইফালে অগ্নিকাণ্ডত জাহ যোৱা দোকান কেইখনৰ স্বত্তাধিকাৰী সকলে এই জুইৰ ফলত প্ৰায় ১ কোটিৰো অধিক টকাৰ ক্ষতি হোৱা বুলি দাবী কৰে।