28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বালাকোট এয়াৰ ষ্ট্ৰাইকৰ ২ বছৰ! পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি ভাৰতীয় বায়ু সেনাই দিছিল প্ৰত্যুত্তৰ

    ২৬ ফেব্ৰুৱাৰী দিনটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয়নো এই দিনটোতেই ২০১৯ চনত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানে পাকিস্তানৰ বালাকোটত সন্ত্ৰাসবাদীক আক্ৰমণ অৰ্থাত এয়াৰ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল।

    এই আক্ৰমণত কেৱল পাকস্তানেই নহয়, সমগ্ৰ বিশ্বই আচৰিত হৈ উঠিছিল।কোনোৱে ভৱা নাছিল যে ভাৰতে এনে পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

    উল্লেখ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত হৈছিল পুলৱামা আক্ৰমণ । তথ্য অনুসৰি পুলৱামা আক্ৰমণত ৪০ জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল।এই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি ভাৰতে আক্ৰমণ কৰিছিল।

    ২৬ ফেব্ৰুৱাৰীত ভাৰতে আক্ৰমণ কৰে পাকিস্তানক। উল্লেখ্য যে,ভাৰতীয় বিমান প্ৰায় ৩ বজাত পাকিস্তানৰ সীমাত প্ৰৱেশ কৰে আৰু কেইমিনিট মানৰ ভিতৰকে নিশ্চিহ্ন কৰি পেলাই জেইচ-এ-মহম্মদৰ সন্ত্ৰাসবাদীৰ ঘাটি।  এই আক্ৰমণত প্ৰায় ৩০০ জন সন্ত্ৰাসবাদী মৃত্যু হয়। পাকিস্তানৰ বালাকোটত ভাৰতীয় বায়ুসেনাই আক্ৰমণ কৰিছিল বাবে ইয়াৰ ”বালাকোট এয়াৰ ষ্ট্ৰাইক” হিচাপে জনা যায়।

    আৰু পঢ়ক : শাসনৰ বাঘজৰী হাতত লৈয়ে এক্সন জো বাইডেনৰ, চিৰিয়াত সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ, ১৭ৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং