26 C
Guwahati
Tuesday, September 27, 2022
More

    বিষাক্ত সাপে খুটিলে শিশুক ! খঙত শিশুৱে চোবালে সাপডালক

    বিষাক্ত সাপে খুটিলে শিশুক ! খঙত শিশুৱে চোবালে সাপডালক

    সাপ দেখিলে সকলোৱে সাত জাপ মাৰে আৰু কিছুমান লোকে সাপৰ নাম শুনাৰ লগে লগে বহুতো লোক আতংকিত হৈ পৰে । কিন্তু তুৰ্কীত এনে এটা ঘটনা সংঘটিত হৈছে যিয়ে আচৰিত কৰিছে সকলোকে ।

    দৰাচলতে তুৰ্কীৰ এখন গাঁৱত এই ঘটনাটো সংঘটিতে হৈছে। গাঁও খনৰ এটা ২ বছৰীয়া শিশুৱে ঘৰত খেলি আছিলে । খেলি থকাৰ সময়তে এডাল সাপে আহি শিশুটিৰ ওচৰ পাই।

    শিশুটোৱে সাপডালক খেলাৰ বস্তু বুলি ভাবি খেলিবলৈ ধৰে। সেই সময়তে সাপডালে শিশুটোৰ হাতত খুটিৱাই দিয়ে। সাপডালে শিশুটোক খুটিওৱাৰ সময়ত ঘৰত কোনো লোক নাছিলে ।

    সাপডালে শিশুটোক খুটিৱাই পিছতে শিশুটোৰ ইমানেই খং উঠে যে শিশুটোৱেও সাপডালক ধৰি দাতেৰে চোবাই দিয়ে । ইয়াৰ ফলত সাপডালৰ দুটুকুৰা হৈ মৃত্যু হয়।

    এই ঘটনাটো ওচৰ-চুবুৰিয়াই দেখা পাই সকলোৰে চকু কপালত উঠিল । মানুহবোৰে দেখিছিল যো সাপডালৰ বহু অংশত শিশুটোৱে কামুৰি দিছিল। সাপডালৰ দৈঘ্য প্ৰায় আধা মিটাৰ মান হ’ব ।

    ওচৰ চুবুৰিয়াই দৃশ্যটো দেখি লগে লগে শিশুটোক চিকিৎসালয়লৈ লৈ যায়। কিন্তু সৌভাগ্যক্ৰমে শিশুটোৰ কোনো ক্ষতি সাধন হোৱা নাই ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং