অঘটন; বাঢ়নী পানীত পৰি এটি দুবছৰীয়া শিশুৰ মৃত্যু

0
161
প্ৰতিনিধিত্বমূলক চিত্ৰ

দক্ষিণ কামৰূপৰ সোণতলীত অঘটন। বাঢ়নী পানীত পৰি এটি দুবছৰীয়া শিশুৰ মৃত্যু হোৱা বুলি খবৰ আহিছে।

মৃত শিশুটিৰ ঘৰ সোণতলীৰ ৩ নং দক্ষিণ ৰাঙাপানীৰ বুলি জানিব পৰা গৈছে। শিশুটিক আচাদ আলীৰ পুত্ৰ আৰিফুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে আজি পুৱাৰ পৰা নিৰুদ্দেশ হৈ থকা শিশুটিক পানীৰ পৰা স্থানীয় লোকসকলে উদ্ধাৰ কৰে। কেনেদৰে শিশুটি পানীত পৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনাস্থলত সোণতলী আৰক্ষী উপস্থিত হৈ মৰণোত্তোৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব দিয়ে।

উল্লেখ্য যে ৰাজ্যত অব্যাহত থকা বান আৰু ভূমিস্খলনৰ সংহাৰত বুধবাৰৰ দিনটোলৈকে মুঠ ১৫১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।