
মঙলদৈ সদৰ থানাৰ অন্তৰ্গত বাঘপৰি এলেকাৰ পৰা মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱা আৰু উপ-পৰিদৰ্শক ডাণ্টেজিৎ দেউৰীৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে বুজন পৰিমানৰ ব্ৰাউন চুগাৰ আৰু খালী কন্টেনাৰসহ দুই সৰবৰাহকাৰীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে মঙলদৈৰ গাছবাৰীৰ চাদ্দাম হুছেইন (২৯) আৰু হানিফ আলি (২৩) নামৰ দুই সৰবৰাহকাৰীয়ে গুৱাহাটীৰ খানাপাৰাৰ পৰা লৈ আনি মঙলদৈত আন ব্যৱসায়ীক বিক্ৰীৰ বাবে অনা অৱস্থাত এক গোপন খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।
লক্ষ্যণীয় যে দুই সৰবৰাহকাৰীয়ে কামৰূপ জিলাৰ সোণাপুৰ থানাৰ অন্তৰ্গত ২ নং কচুতলী গাঁৱত বাহৰ পাতি চুবুৰীয়া মেঘালয়ৰ পৰা এই সমূহ নিষিদ্ধ ড্ৰাগছ আনি অসমৰ বিভিন্ন প্ৰান্তত যোগান ধৰি আছিল।
Input and photo: Kishor Kalita, Mangaldoi