কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত ২জনকৈ লোক

0
187

গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত ২জন ব্যক্তি

এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনৰ ভিতৰত এজন হৈছে বিনোদ সৰু নামৰ এজন বনৰক্ষী আৰু আনজন হৈছে জিবো সৰু নামৰ এজন যুৱক।

ৰাষ্ট্ৰীয় উদ্যানৰ কোহোৰা বনাঞ্চলৰ বৰবীলত সংঘটিত হয় এই ঘটনা। ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা ক্ষতিগ্ৰস্ত পথৰ মেৰামতিৰ কাম কৰি থকাৰ সময়তে গঁড়টোৱে দুই যুৱকক আক্ৰমণ কৰে।

আক্ৰমণত গুৰুতভাৱে আঘাট পোৱা দুই যুৱকক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে কোহোৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।