23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিশ্বনাথত পুনৰ দুজন কভিড-১৯ ত আক্ৰান্ত

    বিশ্বনাথত পুনৰ দুজন কভিড-১৯ ত আক্ৰান্ত

    দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণে।

    ৰাজ্যখনৰ বিশ্বনাথত পুনৰ দুজন লোক কভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

    ইয়াৰে এগৰাকী বিশ্বনাথ মহাবিদ্যালয়ৰ ৰাজনৈতিক বিভাগৰ ছাত্ৰী।

    বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে আজি বিশ্বনাথ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক স্বাস্থ্য বিভাগে কভিড টেষ্ট কৰিছিল। আৰু এই টেষ্টত ছাত্ৰী গৰাকী ৰিজাল্ট পডিটিভ আহে।

    আনহাতে ওদালগুৰি জিলাৰ এজন ব্যক্তিও কৰ’ণাত আক্ৰান্ত হয়।

    লোকজনে ৰে’লত বাদাম বিক্ৰী কৰি বিশ্বনাথ চাৰিআলি ষ্টেচনত নামিছিল।

    বিশ্বনাথৰ ৰে’ল ষ্টেচনত কৰা ৰেপিড এন্টিজেন টেষ্টত তেওঁৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে।

    উল্লেখ্য যে অসমত শুকুৰবাৰে ২৮১ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাত মুঠ সংখ্যা ২,১৯,৫৫৩ গৰাকীলৈ বৃদ্ধি পায়। এই পৰ্যন্ত মৃত্যু হৈছে ১,১১৫ গৰাকী লোকৰ।

    অসমত শুকুৰবাৰলৈ সক্ৰিয় কভিড ৰোগীৰ সংখ্যা হ’ল ১২৬৩ গৰাকী। আনহাতে ২,১৫,৮২৮ গৰাকী লোকে ইয়াৰ পৰা আৰোগ্য লাভ কৰিছে।

    ইনপুট : ছয়নিকা ডেকা

    আৰু পঢ়ক : সৰ্বদলীয় বৈঠকত অসহায় মুখ্যমন্ত্ৰীয়ে ক’লে- লকডাউনৰ বাহিৰে বিকল্প নাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং