কভিডৰ সমানে জাপানীজ এনকেফেলাইটিচৰো সংহাৰ লখিমপুৰত, ২ জনৰ মৃত্যু

0
565

কভিডৰ সমানে জাপানীজ এনকেফেলাইটিচৰো সংহাৰ লখিমপুৰত, ২ জনৰ মৃত্যু । কেৱল লখিমপুৰতে নহয় বৰ্তমানে সমগ্ৰ অসমতে কভিডৰ সমানে জাপানীজ এনকেফেলাইটিচৰো সংক্ৰমণ বৃদ্ধি পাইছে।

লখিমপুৰতো জাপানীজ এনকেফেলাইটিছ ৰোগৰো পাদুৰ্ভাব বৃদ্ধি পাইছে। জিলাখনত সন্দেহজনক জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্রান্ত ১৮ জন লোকক পৰীক্ষা কৰা হৈছিল।

পৰীক্ষা কৰাৰ অন্তত ৮ জনৰ ভিতৰত ৭ জন লোক এনকেফেলাইটিছ ৰোগত আক্রান্ত বুলি ধৰা পৰে। আক্রান্ত সকলৰ দুজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

মৃত্যু মুখত পৰা লোক দুগৰাকী হৈছে- নকাৰীৰ মীৰা দাস আৰু টেকেলিফুটা ন আলিৰ মিথুন পেগু ।

জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জগদীশ গোস্বামীয়ে এনকেফেলাইটিছ আৰু কভিড ৰোগ প্ৰতিৰোধৰ হকে যাৱতীয় সকলো সুৰক্ষা ব্যৱস্থা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

Input – Hassinur Alom