অযোধ্যা বিবাদঃ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৬ লাখ টকাৰ সহযোগ ২ সংগঠনৰ

ৰাম মন্দিৰ নিৰ্মাণত ১ লাখ টকাৰ অনুদান আগবঢ়াব সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে

0
6866
Photo credit: uptourism

আজি অযোধ্যা বিবাদক লৈ ঐতিহাসিক ৰায়দান দিলে উচ্চতম ন্যায়ালয়ে। এই ৰায়দানৰ পিছতে বিভিন্ন সংগঠনে সহযোগ আগবঢ়ালে ৰাম মন্দিৰ নিৰ্মাণত। ৰাম মন্দিৰ নিৰ্মাণত ১ লাখ টকাৰ অনুদান আগবঢ়াব সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে। মন্দিৰ নিৰ্মাণৰ নামত পৰিষদে আগবঢ়াব ১ লাখ টকাৰ অনুদান। ইফালে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক ঐতিহাসিক আখ্যা সংগঠনটোৰ।

পৰিষদৰ মুখ্য উপদেষ্টা চেলিম আহমেদ, প্ৰতিষ্ঠাপক উপদেষ্টা আলহাজ বডিৰত আলী, সহ সম্পাদক দুদুল হুছেইন, চায়েফ আলী, বাক্সাৰ সম্পাদক আব্দুল মজিদৰ নেতৃত্বত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি এক বিবৃতিযোগে জানিবলৈ দিয়ে পৰিষদৰ সম্পাদক মইনুল হকে। লগতে আদালতৰ এই ৰায়ক আদৰণি জনালে সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে। ‘এইটো এটা অতি স্পৰ্শকাতৰ বিষয়।’- বিবৃতিত এই কথা জনালে গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে।

ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যি ঐতিহাসিক ৰায় প্ৰদান কৰিলে তাক আদৰণি জনাই জনগোষ্ঠীয় সমন্বয় পৰিষদ অসমে। লগতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংগঠনটোৰ তৰফৰ পৰা ৫ লাখ টকা আগবঢ়ায়।