নিৰ্বাচনৰ পূৰ্বে দুজন বিৰোধী দলৰ নেতাৰ শাসনাধিষ্ঠ বিজেপি দলত যোগদান
বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মণিপুৰত আৰম্ভ হৈছে দল বাগৰা ৰাজনীতি। আজি ৰাজ্যখনৰ দুজন বিৰোধী দলৰ নেতাই শাসনাধিষ্ঠ বিজেপি দলত যোগদান কৰে।
তৃণমূল কংগ্ৰেছৰ একমাত্ৰ বিধায়ক টংব্ৰাম ৰবীন্দ্ৰ আৰু কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক য়েংখম চুৰচন্দ্ৰ সিঙে আজি ইম্ফলত বিজেপি দলত যোগদান কৰে।
উল্লেখ্য যে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত থাংগা সমষ্টিৰ পৰা জয়ী হৈছিল ৰবীন্দ্ৰ।
আজিৰ এই যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী তথা ত্ৰিপুৰাৰ লোকসভাৰ সাংসদ প্ৰতীমা ভৌমিক, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি এ সাৰদা দেৱী উপস্থিত থাকে।
আৰু পঢ়ক : বছৰৰ প্ৰথমটো মাহতেই কাজিৰঙাত গঁড় হত্যা, পুনৰ খৰ্গহীন মৃত গঁড় উদ্ধাৰ ৰাষ্ট্ৰীয় উদ্যান খনত