
অৰুণাচলৰ লংডিঙত আটক ২ দুৰ্ধৰ্ষ NSCN(K)ৰ সদস্য। ভাৰতীয় সেনাবাহিনীৰ ১৯নং শিখ ৰেজিমেণ্টৰ অভিযানত আটক কৰে দুয়োজনকে। আটকাধীন নগা উগ্ৰপন্থী সদস্য মেজৰ টাইলাই ৱাংছু আৰু লেন্স কৰ্পৰেল আলুৱা ৱাংনাও।
ধৃত উগ্ৰপন্থী দুটাৰ পৰা এটা 9mm পিষ্টলসহ ১৩ জাঁই সজীৱ গুলী, ৪টা হেণ্ড গ্ৰেণেড, ৩ ডাল ডিটনেটৰ আৰু ধন দাবী পত্ৰ জব্দ কৰে ভাৰতীয় সেনাই।
ধৃত দুয়োকে লংডিং আৰক্ষীক চমজাই দিছে সেনাই।