
ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ স্থিতি। পুনৰ ২ জন আক্ৰান্ত মহামাৰী কৰ’ণা ভাইৰাছত। হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। টুইটাৰ একাউণ্টৰ জৰিয়তে ১২.১৫ বজাত সদৰি কৰিলে ৰাজ্যৰ বৰ্তমানৰ কভিড-১৯ ত আক্ৰান্তৰ সংখ্যা।
আজিৰ ২ জন বৃদ্ধিৰে ৰাজ্যত বৰ্তমানে কভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৯১ লৈ। যদি পৰিস্থিতি এইদৰেই থাকে তেন্তে ৰাজ্যত সোনকালেই পাৰ কৰিব শতকৰ ঘৰ।
আজিৰ দুজনো মাংৰু চাহানীৰ দৰেই ফাঁচী বজাৰৰ আলু গুদামৰ সৈতে জড়িত লোক। বৰ্তমানে ৰাজ্যত ৪৬ গৰাকী সক্ৰিয় আক্ৰান্ত থকাৰ বিপৰীতে সুস্থ হৈ ঘৰলৈ গৈছে ৪১ গৰাকীয়ে। আনহাতে মৃত্যু হৈছে ২গৰাকীৰ।
PHoto Credit: @himantabiswa