বাহনে সৈতে হঠাতে খহি পৰিল ২ কিলোমিটাৰ দীঘল দলং, মাত্ৰ ১১ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল দলংখন

0
4833
বাহনে সৈতে হঠাতে খহি পৰিল ২ কিলোমিটাৰ দীঘল দলং, মাত্ৰ ১১ বছৰ পূৰ্বে

পুনতি নিশা প্ৰায় ৩ মান বজাত হঠাতে এখন ডাঙৰ দলে খহি পৰে। মাত্ৰ ১১ বছৰ পূৰ্বে নিৰ্মাণ হোৱা দলং খন হৰহৰাই খহি পৰাত হাহাকাৰ লাগি যায় সকলো ফালে। দলং খন খহি যোৱাৰ সময়ত দলং খনৰ ওপৰত বাহনো আছিল ।

এই দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ শ্বাহৰণপুৰত। ২ কিলোমিটাৰ দীঘল দলং খন হঠাতে খহি পৰে। কিন্তু সৌভগ্য ক্ৰমে এই দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে।

দলং খন ভাগি পৰাৰ ফলত মুখ্য যাতায়ত পথ বন্ধ হৈ পৰিছে। বহু সমস্যাৰ সন্মুখিন হৈছে সাধাৰণ জনতা। এই দলং খন ভাগি পৰাৰ খবৰ লাভ কৰা মাত্ৰতে ঘটনাস্থলীত প্ৰশাসনৰ লোক আহি উপস্থিত হয়।

দলং খনৰ ভগা অংশ নদীত পৰে। সৌভগ্য ক্ৰমে দুৰ্ঘটনাৰ সময়ত দলং খনত থকা এখন বাহনৰ যাত্ৰী সকলৰ প্ৰাণ ৰক্ষা পৰে। প্ৰশাসনৰ লোক সকলে বৰ্তমানে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

কেৱল মাত্ৰ ১১ বছৰ পূৰ্বে কোটি টকা খৰচ কৰি নিৰ্মাণ হোৱা দলং খন কি কাৰণত তেনেদৰে হঠাতে খহি পৰে।

আৰু পঢ়ক : লোকসভাত বাতিল কৃষি আইন- কৃষক নেতাই ক’লে, অব্যাহত থাকিব আন্দোলন,চৰকাৰে আমাৰ লগত কথা পাতক