ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ! নিয়ন্ত্ৰণ হেৰুৱাই দুখনকৈ মটৰচাইকেলত খুন্দা বাহনৰ , থিতাতে নিহত ২

0
195

ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ! নিয়ন্ত্ৰণ হেৰুৱাই দুখনকৈ মটৰচাইকেলত খুন্দা বাহনৰ , থিতাতে নিহত ২

সৰস্বতী পূজাৰ দিনাই ধুবুৰীৰ ৰাজবাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোৰ ফলত দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে ৫ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে।

জানিব পৰা মতে ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখি এখন আৰতিগা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ দুখনকৈ মটৰচাইকেল আৰু এখন ট্ৰাকত খুন্দিয়াই। ফলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

আহত আটাইকেইজনৰে অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে। আহত সকলক ততাতৈয়াকৈ ধুবুৰী মেডিকাল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা আৰতিগা বাহনখনৰ নম্বৰ AS 17J 5224।