
কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা মহম্মদ অছৰফ ছহৰাইৰ সন্ত্ৰাসবাদী পুত্ৰ জুনেইদ আছৰফ খান আৰু তাৰিক আহমেদ শ্বেখ নিহত। শ্ৰীনগৰৰ ডাউন-টাউনত সংঘটিত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত এই ২ হিজবুল সন্ত্ৰাসবাদী। জুনেইদ আছৰফ খান শ্ৰীনগৰৰ আৰু তাৰিক আহমেদ শ্বেখ পুলৱামাৰ বাসিন্দা। এই সংৰ্ঘষত ৩জন নিৰাপত্তাৰক্ষীও আহত হয়।

সন্ত্ৰাসবাদীৰ বাহৰ হিচাপে থকা এটা ঘৰো বোমা বিস্ফোৰণত ধ্বংস হয়। হিজবুলৰ শীৰ্ষ কমাণ্ডাৰ জুনেইদ আৰু তাৰিক আহমেদ শ্বেখৰ প্ৰাণ ৰক্ষা কৰিবলৈ নিৰাপত্তাৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰে কিন্তু নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ সফল হয়। এই হিংসাত্মক আক্ৰমণৰ ঘটনাত ৩জন লোকে আহত হয়। সংৰ্ঘষৰ সময়ত আশে-পাশে থকা এলেকাসমূহত নজৰ দিবলৈ নিৰাপত্তাৰক্ষীয়ে ড্ৰ’ণৰ ব্যৱহাৰো কৰে।

ৰিয়াজ নাইকুৰ মৃত্যুৰ পিছত জুনেইদ আছৰফ খানৰ মৃত্যুই হিজবুল মুজাহিদ্দীনৰ বৃহৎ ক্ষতি। নাইকুৰ মৃত্যুৰ পিছত জুনেইদ আছৰফ খানক কাশ্মীৰত হিজবুলৰ Deputy operational chief commanderৰ দায়িত্ব প্ৰদান কৰাৰ আলোচনা চলি আছিল। নিৰাপত্তাৰক্ষীসকলে প্ৰস্তুত কৰা ১০ মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ তালিকাত জুনেইদৰ নাম আছিল ৩ নম্বৰত। জুনেইদৰ ওপৰত ৭ লাখ টকাৰ পুৰষ্কাৰো ঘোষণা কৰা হৈছিল।
এই সংৰ্ঘষক লৈ জম্মু-কাশ্মীৰৰ DGP দিলবাগ সিঙ ক’লে যে এক বিশেষ সূত্ৰৰ পম খেদি সোমবাৰে নিশা শ্ৰীনগৰত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল। নিশাও গুলীয়াগুলী হৈছিল। DGPয়ে ক’লে যে পুৱা পুনৰ গুলীয়াগুলী আৰম্ভ হৈছিল। এই সংৰ্ঘষক লৈ বহুতো আসোৱাহ বিয়পোৱা হৈছিল আৰু যাৰ বাবে প্ৰশাসনে শ্ৰীনগৰত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে।