
জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত মঙলবাৰে নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত হিজবুল মুজাহিদীনৰ দুজন দুৰ্ধৰ্ষ উগ্ৰপন্থী নিহত হয়।
সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰিছিল। কিন্তু অভিযান চলি থকাৰ মাজতে সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা আৰম্ভ কৰি দিয়ে।
ইয়াৰ লগে লগে নিৰাপত্তাৰক্ষীৰ দলটোৱেও প্ৰত্যুত্তৰত গুলীচালনা কৰি দিয়ে।
এই এনকাউণ্টাৰত দুজন উগ্ৰপন্থী নিহত হয়, যিদুজন আছিল নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে জড়িত।
‘এনকাউণ্টাৰত নিহত হোৱা সন্ত্ৰাসবাদী দুজনৰ এজন দানিশ ভাট ওৰফে কোকাব দুৰী আৰু বছৰট নবী বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁলোক দুয়োজন হিজবুল মুজাহিদীনৰ লগত জড়িত। দুয়োজন সন্ত্ৰাসবাদীয়ে ২০২১ বৰ্ষৰ ৯ এপ্ৰিলত এজন টি এ সৈনিক ছালিমক আৰু সেই বছৰৰেই ২৯ মে’ত জাবলিপোৰাত দুজন সাধাৰণ নাগৰিকক হত্যা কৰা কাৰ্যত জড়িত আছিল’, কাশ্মীৰ জ’নৰ অতিৰিক্ত ডিজিপি বিজয় কুমাৰে টুইট কৰে।