একেলগে দুটাকৈ সুখবৰ চৰকাৰৰ ফালৰ পৰা, ১০ শতাংশ মৰগীয়া বানচ লগতে ১২ হাজাৰলৈ নিযুক্তি পত্ৰ

0
144

একেলগে দুটাকৈ সুখবৰ চৰকাৰৰ ফালৰ পৰা, ১০ শতাংশ মৰগীয়া বানচ লগতে ১২ হাজাৰলৈ নিযুক্তি পত্ৰ

আজিৰ দিনটোতে দুটাকৈ সুখবৰ আহিল চৰকাৰৰ ফালৰ পৰা। এফালে সৰ্বশিক্ষাৰ ঠিকাভিত্তিক শিক্ষকলৈ মৰগীয়া বানচ বৃদ্ধিৰ খবৰ আনফালে ১২ হাজাৰলৈ নিযুক্তিপত্ৰ।

২২ ছেপ্টেম্বৰত ১২ হাজাৰ যুৱক-যুৱতীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্রদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ ১ ছেপ্টেম্বৰৰ পৰা বৃ্দ্ধি পাব ১০ শতাংশ মৰগীয়া বানচ।

তাৰোপৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সদৰি কৰা অনুসাৰে আগন্তক বৰ্ষৰ ১ এপ্ৰিলৰ পৰা অতিৰিক্ত ৭ শতাংশ মৰগীয় বানচ বৃদ্ধি পাব। । টুইট যোগে এই ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

আনফালে আকৌ নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ। এক লাখ নিযুক্তি প্রদানৰ লক্ষ্যৰে অসম চৰকাৰে অহা ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চাকৰি প্রার্থীক নিযুক্তি পত্র প্রদান কৰিব ।

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অয়োজন কৰিব লগীয়া এক অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সভাপতিত্বত জনতা ভৱনত আয়োজিত এক বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷

উল্লেখ্যযোগ্য যে যোৱা মে’ মাহত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্রদান কৰা হৈছিল । ইয়াকে লৈ ৪২ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্রদান প্ৰক্ৰিয়া সম্পূর্ণ হ’ব।

অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্ত পত্ৰ প্ৰদান অনুষ্ঠানত গৃহ বিভাগৰ অধীনত কনিষ্টবল আৰু পৰিদর্শক পদত ৫,২০০ প্রার্থী নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব ।

লোক নির্মাণ বিভাগত ২৫৬ গৰাকী সহকাৰী অভিযন্তা হিচাপে নিযুক্তি পত্ৰ প্রদান কৰা হ’ব । এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভাগসমূহত নির্বাচিত হোৱা প্রার্থীসকলক বিভিন্ন পদবীত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব ৷