Breaking: নগাঁৱত বিগত দুদিনত দুজনৰ প্ৰাণহানি হাতীৰ আক্ৰমণত

হাতীৰ আক্ৰমণত চামগুৰিত নিহত এজন। নিহত লোকজন ননৈ চাহ-বাগিচাৰ বুধু ভূমিজ

0
81
ফাইল ফটো

নগাঁৱৰ বঢ়মপুৰৰ পিছত এইবাৰ চামগুৰিত হাতী মানুহৰ সংঘাত। চামগুৰিত হাতী-মানুহৰ সংঘাতে ল’লে ভয়াৱহ পৰিৱেশ। বঢ়মপুৰৰ বৰবাৰীত শনিবাৰে নিশা এজনৰ প্ৰাণ লৈছিল বনৰীয়া হাতীয়ে। তাৰ পিছতেই দেওবাৰে নিশা চামগুৰিত আন এজনৰ প্ৰান ল’লে বনৰীয়া হাতীয়ে।

হাতীৰ আক্ৰমণত চামগুৰিত নিহত এজন। নিহত লোকজন ননৈ চাহ-বাগিচাৰ বুধু ভূমিজ। নিশা ঘৰলৈ ওভতাৰ পথত আক্ৰমণ কৰিছিল বনৰীয়া হাতীয়ে। পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো।