মাতৃক বিচাৰি হাহাকাৰ দুই কনমানিৰ, ঈদৰ দিনাৰে পৰা নাই কোনো সন্ধান …

0
867

মাতৃক বিচাৰি হাহাকাৰ দুই কনমানিৰ, ঈদৰ দিনাৰে পৰা নাই কোনো সন্ধান। মাতৃগৃহলৈ বুলি ঈদ খাবলৈ গৈ নিৰুদ্দেশ হাচনাৰা বেগম।

সাধাৰণভাৱেই গা খোৱা ঘৰলৈ বুলি ওলাই যোৱা হাচনাৰা বেগমৰ ৩ টা দিন ধৰি নাই কোনো শুংসূত্ৰ।

এদিন এদিনকৈ তিনিটা দিন উকলি গল পিছে এতিয়াও পৰিয়ালৰ লোকে কোনো শুংসূত্ৰ পোৱা নাই মায়ঙৰ কুকুৱাৰী গাঁৱৰ হাচনাৰা বেগম নামৰ এগৰাকী মহিলাক।

সন্ধানহীন হোৱাক লৈ এতিয়া মাতৃ গৃহৰ পৰিয়ালৰ মাজত হাহাকাৰ। সন্ধানহীন হাচনাৰা যোৱা ১৩ জুলাই তাৰিখে সন্ধিয়া প্ৰায় ৭ মান বজাত গা ধুবলৈ বুলি ওলাই গৈছিল।

পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান ওলাব পৰা নাই হাচনাৰা বেগমৰ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মায়ং আৰক্ষীকো অৱগত কৰিছে।

Input and Photo – Safiqul Islam