একেটা দিনতে পুনৰ একেই অঘটন, বাঢ়নী পানীত পৰি মৃত্যু দুই কনমানিৰ

0
4904
file photo

একেটা দিনতে পুনৰ একেই অঘটন, বাঢ়নী পানীত পৰি মৃত্যু দুই কনমানিৰ

পুনৰ ৰাজ্যত সংঘটিত হৈছে আন এক শোকাৱহ ঘটনা। বানৰ পানীত পৰি অকাল মৃত্যুক সাৱটে দুই কনমানিয়ে। পুৱাৰ ভাগত শোণিতপুৰ জিলাত দুই বন্ধুৰ সাৱটা সাৱটিকৈ থকা মৃতদেহ উদ্ধাৰৰ পাছতে পুনৰ দুটি শিশুৰ মৃত্য়ুৰ বাতৰি।

শোণিতপুৰৰ পাছত এইবাৰ মৰিগাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা । বাঢ়নী পানীত পৰি মৃত্যু দুই শিশুৰ মৃত্যু । মৰিগাঁৱত পৃথকে পৃথকে সংঘটিত হৈছে এই ঘটনা ।

মৰিগাঁৱৰ গেৰুৱাত ৰুণমণি কোঁৱৰ (বয়স ৭) নামৰ কনমানি গৰাকী সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিন্তু সেই স্থানত পানী ক্ৰমাৎ বৃদ্ধি পাই থকাত পিছলি পৰি মৃত্যুক সাৱটি লব লগা হয় ।

আনহাতে মৰিগাঁও নাৰমাৰীত আহেড আলি (বয়স ১১) নামৰ কনামনি জনে ঘৰৰ পিছফালে যাওঁতেই বাঢ়নী পানীত পৰি অকাল মৃত্যুক সাৱটি লয় ।

Input – Kishor Dekaraja