বোৰ্খা পৰিহিত মুছলমান মহিলাই ভাঙিলে মা দুৰ্গাৰ প্ৰতিমা; দুগৰাকীক গ্ৰেপ্তাৰ

0
651

তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ খাইৰাতাবাদ অঞ্চলত দুৰ্গা পূজা মণ্ডপত দেৱীৰ মূৰ্তি ভাঙি পেলোৱাৰ এটা গোচৰ পোহৰলৈ আহিছে। এই স্পৰ্শকাতৰ ঘটনাটোৰ পিছতে অঞ্চলটোত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

দেৱীৰ মূৰ্তি লণ্ড ভণ্ড কৰাৰ অভিযোগত ইতিমধ্যেই আৰক্ষীয়ে দুগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলাক গ্ৰেপ্তাৰ কৰি সোধা-পোচা চলাই আছে।

ঘটনাটো সন্দৰ্ভত হায়দৰাবাদৰ কেন্দ্ৰীয় মণ্ডলৰ ডিচিপি চন্দ্ৰই জনোৱা মতে, বিষয়টোৰ ওপৰত তদন্ত চলাই থকা হৈছে আৰু কি কাৰণত তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে সেয়া পৰৱৰ্তী সময়ত জনাব বুলি কয়।

জানিব পৰা অনুসৰি, দেৱীৰ মূৰ্তি ভঙা কাৰ্যত জড়িত থকা এগৰাকী মহিলাৰ হাতত কিবা সঁজুলিও আছিল। মহিলা দুগৰাকীক বাধা দিবলৈ যোৱা একাংশ লোকক তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰিছিল।

উল্লেখ্য যে, এই ঘটনাক লৈ অঞ্চলটোত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰি আৰক্ষী তথা স্থানীয় প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে।