23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগত দুই যুৱকক আটক খেৰণিৰ আৰক্ষী

    কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগত দুই যুৱকক আটক খেৰণিৰ আৰক্ষী

    ধৰ্ষণৰ দৰে জঘন্য কাণ্ড নিৰ্মূলৰ বাবে চৰকাৰে বহু ধৰণৰ আইন প্ৰণয়ন কৰিছে। এই আইনৰ জৰিয়তে বিভিন্নজনৰ দণ্ডিত হ’ল। তাৰপিছটো শিক্ষা ল’ব পৰা নাই একাংশ নৰপিশাচে ।

    ৰাজ্যত প্ৰতিদিনেই বিভিন্ন ধৰ্ষণ কাণ্ডৰ কথা পোহৰলৈ আহে। কিছুদিন পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত বাগিচাডুবি নামৰ গাঁৱখনৰ সংঘটিত হয় এক ধৰ্ষণকাণ্ড।

    অভিযোগ অনুসৰি সূৰ্য নাথ চৌহান(২৬) আৰু ৰামশীষ চৌহান(১৮) নামৰ যুৱক দুজনে এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে। বিগত বৰ্ষৰ ২৮ ডিচেম্বৰত এই ঘটনা সংঘটিত হয়।

    কেৱল ইমানেই নহয় যুৱকদ্বয়ে কিশোৰীক ধৰ্ষণ কৰা ভিজুৱেল ভাইৰেল কৰি কিশোৰীক মানসিক চাপ দি আহিছিল। শেহতীয়াকৈ কিশোৰীৰ পিতৃয়ে খেৰণি থানাত ২ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰে যুৱক দুজনক।

    দুই যুৱকৰ বিৰুদ্ধে খেৰণি থানাত ,30/2021/ 376 DA IPC R/co Sec pocso 6(1) 67 A IT act ত অধীনত গোচৰ ৰুজু কৰা হৈছে। আটকাধীন দুই যুৱকক স্বাস্থ্য পৰীক্ষা কৰি হামৰেন জেল হাজোলৈ প্ৰেৰণ কৰিবলৈ ব্যৱস্থা লৈছে।

    Photo and input: Joyram kathar

    আৰু পঢ়ক : বিদ্যালয়ত শিক্ষা প্ৰদানৰ পৰিৱৰ্তে মাটি দখলত ব্যস্ত প্ৰধান শিক্ষক!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং