
কিমান সুৰক্ষিত আপোনাৰ সন্তান! মনে মনে WhatsApp, Instagram-ত বিক্ৰী হ’ব পাৰে সন্তানৰ অশ্লীল VIDEO : অসৎ মানসিকতাৰ লোকে আপোন-পৰ চিন্তা নকৰে সকলো লোককে বিপদত পেলাব পাৰে। আনহে নালাগে একোগৰাকী লোকে বহু সময়ত শিশুকো বিপদলৈ ঠেলি দিব পাৰে। তাৰে উমান পোৱা গ’ল দিল্লীত। শিশুৰ অশ্লীল ভিডিঅ’ বিক্ৰী আৰু ক্ৰয় কৰি আৰক্ষীৰ জালত পৰিলে দুজন লোক।
ই-কমাৰ্চৰ মাধ্যমৰে লোক দুজনে এই কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ। উল্লেখ্য যে, ইনষ্টাগ্ৰামৰ লগতে আন আন বহুতো ছ’চিয়েল মিডিয়া মাধ্যমত তেওঁলোকে এনে ভিডিঅ’ বিক্ৰী আৰু ক্ৰয় কৰিছিল।
গ্ৰেপ্তাৰ হোৱা লোক দুজনক নীৰজ কুমাৰ যাদৱ আৰু কুলদ্বীপ সিং মাকান বুলি জানিব পৰা গৈছে। তেওঁলোকে ২০১০ চনৰে পৰা এই ব্যৱসায় কৰি আহিছে। কেৱল এয়াই নহয়, এনে ছবিৰ বিজ্ঞাপনো লোক দুজনে কৰি আহিছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা সদৰি কৰিছে চিবিআইয়ে।
ৱাটছআপ, টেলিগ্ৰাম, ইনষ্টাগ্ৰাম আদিৰ মাধ্যমেৰে এনে ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে পেটিএম আৰু গুগল পে’ৰ মাধ্যমেৰে ধন সংগ্ৰহ কৰে। ইফালে তেওঁলোকক ২২ জানুৱাৰীলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
আৰু পঢ়ক : নলবাৰীত মুকলি কৰিলে লালনছ কোচিং ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীৰ নতুন শাখা