25 C
Guwahati
Wednesday, September 22, 2021
More

    কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ! বিগত ২৪ ঘন্টাত ২.৭৩ লাখ আক্ৰান্ত এই মহামাৰীত

     দেশত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণাই  পুনৰ ২.৭৩ লাখ লোক আক্ৰান্ত হয় এই মহামাৰীত। উল্লেখ্য যে, বিগত ৪ দিনৰ পৰা দেশত প্ৰতিদিনেই ২ লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত।

    সোমবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্যৰ ভিত্তিত দেশত বিগত ২৪ ঘন্টাত ২ লাখ ৭২ হাজাৰ ৮১০ জন লোক আক্ৰান্ত হয় এই মহামাৰীত,অন্যহাতে মৃত্যু হয় ১৬১৯ গৰাকী লোক।উল্লেখ্য যে, ৰবিবাৰে ২ লাখ ৬১ হাজাৰ ৫০০ জন লোক আক্ৰান্ত হৈছিল এই মহামাৰীত।

    দেশৰ বিভিন্ন স্থানত কৰ’ণাই কালৰূপ ধাৰণ কৰিছে। কৰণাৰ দ্বিতীয় ঢৌ প্ৰথমতকৈ বেছি ভয়ংকৰ বুলি জানিব পৰা গৈছে। দেশৰ বিভিন্ন স্থানত হস্পাতাল, বিচনা, আই চি ইউ, অক্সিজেন আদিৰ নাটনি হোৱা পৰিলক্ষিত হয়।

    আৰু পঢ়ক : কাইলৈ অসমৰ তিনিখন জিলাৰ চাৰিটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং