29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ক’ৰণাত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হ’লে পত্নীয়ে পাব ২ লাখ ৫০ হাজাৰ টকা, মুখ্যমন্ত্ৰীৰ ঘোষণা…

    ক’ৰণাত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হ’লে পত্নীয়ে পাব ২ লাখ ৫০ হাজাৰ টকা, মুখ্যমন্ত্ৰীৰ ঘোষণা…

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ এমাহ সম্পূৰ্ণ হ’ল ্। এই সময়ছোৱাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা যায় হিমন্ত বিশ্ব শৰ্মাই।

    ইয়াৰ মাজতে আজি সংবাদ মেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কিছুমান বিশেষ পদক্ষেপৰ কথা জনায়।

    উল্লেখ্য যে কৰ’ণাৰ ফলত পিতৃ মাতৃক হেৰুওৱা ল’ৰা ছোৱালীৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। ইয়াৰ অধীনত ২৪ বছৰলৈকে আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে । মাহিলী ৩৫০০ কৈ দিয়া হ’ব এই পিতৃ-মাতৃহাৰা ল’ৰা ছোৱালী সকলক।

    ঠিক একেদৰে কৰ’ণাৰ ফলত বিধৱা হোৱা মহিলাৰ বাবে ও আঁচনি ঘোষণা কৰিছে চৰকাৰে।‌‌কৰ’ণাৰ বাবে স্বামীহাৰা হোৱা মহিলাক ২ লাখ ৫০ হাজাৰ টকা আগবঢ়াব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বিধৱা পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ সুবিধাও এই সকল মহিলাই লাভ কৰিব বুলি জনাই শৰ্মাই ।

    আৰু পঢ়ক : ৰামায়ণ! অতি শীঘ্ৰেই জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোচনক দেখিবলৈ পাব ৰাৱণৰ চৰিত্ৰত ‌

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং