খেলো ইণ্ডিয়াত প্ৰথমটো স্বৰ্ণপদক অসমৰ

১-০ পইন্টৰ ব্যৱধানত উত্তৰাখণ্ডৰ প্ৰতিযোগীক পৰাস্ত কৰি এই পদক লাভ কৰিবলৈ সক্ষম হয় পূজাই

0
87

খেলো ইণ্ডিয়াত অসমলৈ প্ৰথমটো স্বৰ্ণপদক। জুডুৰ ৫৭ কেজি শাখাত স্বৰ্ণ জয় পূজা বসুমতাৰীৰ। ১-০ পইন্টৰ ব্যৱধানত উত্তৰাখণ্ডৰ প্ৰতিযোগীক পৰাস্ত কৰি এই পদক লাভ কৰিবলৈ সক্ষম হয় পূজাই।

পূজা কাৰ্বি আংলং জিলাৰ এক দৰিদ্ৰ পৰিয়ালৰ কিশোৰী। অতি কঠোৰ পৰিশ্ৰমৰ মাজেৰে এই সফলতা লাভ কৰিবলৈ সক্ষম হয় পূজাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অসমে শনিবাৰে জিম্নাষ্টিকত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। দুয়োটা শাখাতে এই পদক লাভ কৰিছে উপাশা তালুকদাৰে।

Photo credit : time8