26 C
Guwahati
Thursday, June 30, 2022
More

    বৰপেটাৰোডত পুখুৰীত পৰি ছাত্ৰৰ কৰুণ সলিল সমাধি, অঞ্চলজুৰি শোকৰ ছাঁ

    বৰপেটাৰোডত পথাৰত মাছ ধৰিবলৈ গৈ পুখুৰীত পৰি এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

    বৰপেটাৰোডৰ শিমলাগুৰিৰ সমীপৰ ধুপগুৰি গাঁৱত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে।

    মাছ ধৰিবলৈ গৈ মৃত্যু হোৱা যুৱকজন দক্ষিণ কলহভাঙ্গা গাঁৱৰ লক্ষণ ক্ষত্ৰিয়ৰ পুত্ৰ সমৰ ক্ষত্ৰিয়(১৯)।

    সমৰ ক্ষত্ৰিয় অসম ব্ৰিলিয়েণ্ট একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল।

    জানিব পৰা মতে, বুধবাৰে দুপৰীয়া বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পোহৰা চকীৰ অন্তৰ্গত ধুপগুৰী গাঁৱৰ ৬ জন যুৱকে মাছ ধৰিবলৈ গৈছিল উক্ত যুৱক ৬ জনৰ ভিতৰত সমৰ ক্ষত্ৰিয়ই পুখুৰীত পৰি যায় আৰু পুখুৰীৰ পানীৰ পৰা উঠি আহিব নোৱাৰি কৰুণ সলিল সমাধি ঘটে।

    ইয়াৰ পাছতে প্ৰায় দুঘণ্টা সময় পুখুৰীত ৰাইজে আৰক্ষীৰ উপস্থিতিত অভিযান চলাই অৱশেষত পানীৰ তলৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং