
ছ’চিয়েল মিডিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি পোৱাৰ পিছৰে পৰা বহু লোকে ইয়াক ধন উপাৰ্জন ৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। বহু যুৱক-যুৱতীয়ে নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে অতি কম বয়সতে টকা উপাৰ্জন কৰিছে ছ’চিয়েল মিডিয়াৰ জৰিয়তে।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে ধন উপাৰ্জন কৰা এগৰাকী ছোৱালী এতিয়া খুব ভাইৰেল হৈ পৰিছে।
আচলতে এই ছোৱালীজনীৰ নাম ডেনিয়েল ব্ৰেগোলি আৰু তেওঁ আমেৰিকাৰ বাসিন্দা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছোৱালীজনীয়ে ২০২১ চনৰ এটা দিনত মাত্ৰ ৬ ঘণ্টাত ৮ কোটি টকা উপাৰ্জন কৰা বুলি দাবী কৰি তেওঁ ভাইৰেল হৈ পৰিছিল।
এই অদ্ভুট দাবীৰ জৰিয়তে লাইমলাইটত অহা ছোৱালীজনীৰ ইনষ্টাগ্ৰামত ডেৰ কোটিতকৈও অধিক ফ’ল’ৱাৰ আছে। ভদভাবী (bhadhabie) নামেৰে আছে ছোৱালীজনীৰ একাউণ্ট।
ভাইৰেল হৈ পৰাৰ পিছত ছোৱালীজনীয়ে কয় যে এই সকলোবোৰ কৰাটো ইমান সহজ নাছিল। ইয়াৰ বাবে মই কেইবা বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছো আৰু মই এজন ৰেপাৰ, মই ৰেপ বনাই ভাল পাওঁ।
ইয়াৰ লগতে ছ’চিয়েল মিডিয়াত ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিও ভাল পাই বুলি জানিবলৈ দিয়ে ছোৱালীগৰাকীয়ে।
ইণ্টাৰনেটৰ জৰিয়তে জানিব পৰা গৈছে যে ছোৱালীজনীৰ বহুত অনুৰাগী আছে। তেওঁ ইউটিউব ইনষ্টাগ্ৰামতো তেওঁৰ ফটো শ্বেয়াৰ কৰি টকা উপাৰ্জন কৰে।
লগতে লাইভ কনচাৰ্টৰ উপৰি সৰু সৰু ব্ৰেণ্ডৰ জৰিয়তে, কিছু ৱেবচাইটত ফটো-ভিডিঅ’ৰ বাবে তেওঁ বহুত টকা লাভ কৰে। কেৱল এয়াই নহয়, ছোৱালীজনীয়ে ডাইৰেক্ট চেটৰ জৰিয়তেও টকা পায়।