27 C
Guwahati
Thursday, July 29, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বেংকত নাপালে চাকৰি, এজন ১৯ বছৰীয়া যুৱকে ঘৰতে খুলি দিলে SBIৰ ভুৱা ব্ৰাঞ্চ

    আপোনালোকে নিশ্চয় শুনিছে ভুৱা বেংক একাউণ্ট খোলাৰ কথা, কিন্তু তামিলনাডুৰ এজন যুৱকে খুলি দিলে বেংকৰ ভুৱা শাখা।

    সেয়াও এলা-পেচা বেংক নহয় ভুৱা শাখা খুলিলে ভাৰতীয় ষ্টেট বেংকৰ নামতহে। বিগত ৩ মাহ ধৰি এই ব্ৰাঞ্চটো চলাই আছিল।

    তামিলনাডুৰ কডলোৰ জিলাৰ পনৰুতী চহৰত সংঘটিত হৈছে এই ঘটনা।

    ৮০ হাজাৰ জনসংখ্যাৰ এইখন চহৰত এই ব্ৰাঞ্চটো বিগত ৩ মাহ ধৰি চলি আছিল।

    কিন্তু এজন গ্ৰাহকৰ অভিযোগত সকলো ফাদিল হয়।

    আৰক্ষীয়ে ১৯ বছৰীয়া মাষ্টাৰমাইণ্ড যুৱকসহ ৩জন লোকক গ্ৰেপ্তাৰ কৰে।

    ইফালে আৰক্ষীয়ে কোৱা অনুসৰি বৰ্তমানলৈ কোনো লোকে প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰা নাই।

    দৰাচলতে পনৰুটীত ষ্টেট বেংকৰ দুটা শাখা আছে।

    কিছুদিন পূৰ্বে এটা শাখাত এজন গ্ৰাহক উপস্থিত হৈছিল আৰু ব্ৰাঞ্চ মেনেজাৰক সুধিছিল যে চহৰত তৃতীয়টো শাখা খুলিলে কিন্তু আপুনি কোৱাই নাই।

    এই কথা শুনি ব্ৰাঞ্চ মেনেজাৰজন হতচকিত হৈ পৰিল আৰু শাখাৰ কথাটো নাকচ কৰিলে।

    কিন্তু যেতিয়া গ্ৰাহকজনে ভুৱা ব্ৰাঞ্চটোৰ পৰা পোৱা শ্লিপ দেখুৱালে তেতিয়াহে মেনেজাৰজন সক্ৰিয় হৈ উঠে।

    মেনেজাৰজনে অঞ্চলটোতস্থিত কাৰ্যালত সোধাত এই কথাৰ প্ৰমাণ হয় যে চহৰত কোনোধৰণৰ নতুন শাখা খোলা হোৱা নাই।

    ইয়াৰ পিছত তেওঁ যেতিয়া ভুৱা শাখাটোত উপস্থিত হৈ আচৰিত হৈ উঠে।

    তাত ফাৰ্নিচাৰৰ পৰা আৰম্ভ কৰি ষ্টেচনাৰী সকলো আন দুটা শাখাৰ দৰে আছিল।

    টকা ডিপজিট চালান, ৰৱৰ ষ্টাম্প, ফাইলত বেংকৰ নাম ছপা আছিল।

    তাত কাৰেঞ্চী কাউণ্টাৰ মেচিন, ডেক্সটপ কম্পিউটাৰ, প্ৰিণ্টাৰ আৰু বহুত ফাইল আছিল।

    মেনেজাৰজনৰ অভিযোগত আৰক্ষীয়ে মাষ্টাৰমাইণ্ড কমল(১৯ বছৰ), ৰৱৰ ষ্টাম্প বিক্ৰেতা মণিকম(৫২ বছৰ) আৰু প্ৰিণ্টিং প্ৰেছ সঞ্চালক কুমাৰ(৪২ বছৰ)ক জিম্মাত লয়।

    সোধা-পোছাত এই কথা জানিবলৈ পাই যে আটাইকেইজন লোকে চলিত বৰ্ষৰ এপ্ৰিল মাহতে এই ভুৱা ব্ৰাঞ্চটো খুলিছিল।

    কেৱল এয়াই নহয় তেওঁলোকে পনৰুটী বজাৰ শাখৰ বাবে ৱেবছাইটো খুলিছিল।

    সোধা-পোছাত কমলে কৈছিল যে তেওঁৰ পিতৃ-মাতৃ বেংকত চাকৰি কৰিছিল।

    বেংকত গৈ গৈ বেংকিঙৰ বিষয়ে জানিছিল। কিছু বছৰ পূৰ্বে পিতৃৰ মৃত্যু ঘটিছিল। মাতৃ অৱসৰ হৈছিল।

    Compassionate চাকৰিৰ বাবে আৱেদন জনাইছিল। চাকৰিত পলম হোৱাত ব্ৰাঞ্চ নিজে খুলি লৈছিল।

    তেওঁ নিজৰ বেংক খুলিব বিচাৰিছিল কিন্তু তেওঁ কোনো লোকৰ সৈতে কৰা নাছিল প্ৰৱঞ্চনা।

    Photo Credit: Zee Business

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং